ৰ'দে ফুটা কৰা জনঅৰণ্য নে
যন্ত্ৰৰে সমাহিত মৰুভূমি?
আজি ক'ত হেৰাল
জ্ঞাত-অজ্ঞাত
সেউজী হাঁহিটি?
নগ্নতাৰ পৰা সভ্যতালৈ
সভ্যতাৰ পৰা নগ্নতালৈ,
মৃত্যুৰ পৰা জীৱন্তলৈ
জীৱন্তৰ পৰা মৃত্যুলৈ,
এতিয়া কোনে বিচাৰিব
সেউজী পাতৰ নিয়ৰৰ হাঁহটি,
তুমি-মই নে কোনোবা পেতাত্মাই?
পূৰ্ণতা বিচাৰি মৰুভূমি কোনে বিচাৰে
এই সভ্যতাত
এয়া কিহৰ সময় ?
✍🏻যদুমণি দাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ