উলঙ্গ জীৱন - অনন্ত কুমাৰ ভূঞা

©Admin
0
মা 
তই জীয়াই আছনে নাই 
আজিও নাজানোঁ‌ মই!

পিতৃৰ চিনাকি দিবলৈ কোনো নাই 
হতভগীয়া কন্যা সন্তান তোৰ,
দুৰ্ভগীয়া এটি জীৱন লৈ 
জীৱন নুবুজাকৈ ডাঙৰ হৈছোঁ‌ মই!

দুখ বেজাৰ কিমান গভীৰ 
জীৱন সংগ্ৰাম কিমান কঠিন 
তই বুজি নাপাবি!

ভাল কৰিলি তই
ভ্ৰুণ হত্যা যে নকৰিলি, 
মই জীয়াই থাকিলোঁ দুখৰ বোজা লৈ
শোকত দুৰ্ব্বল হোৱা নাই,
মাতালৰ কামনাত জন্ম হৈছিল মোৰ!

অস্পৃশ্য ঔৰসত
এক বেশ্যাৰ গৰ্ভত নিশ্চয় জন্ম মোৰ,
অভিশপ্ত জীৱনৰ অভিশাপ লৈ 
চিনাকি দিবলৈ আজি কোনো নাই!

মা 
পুষ্পিতাৰ সময়ত তই নাছিলি,
লম্পট কামাতুৰ পিতৃ মোৰ 
সেই সময়ত নিশ্চয় শুই আছিল 
কোনোবা অচিন গাভৰুৰ 
উন্মাদ বক্ষৰ মাজত!

মা
জাননে তই 
মই বেশ্যাৰ ৰম্য ভূমিত
যৌৱন বিক্ৰী কৰাৰ আখৰা কৰা নাই!

মই এজনী সবল নাবালিকা 
বিদ্যালয় মোৰ লক্ষ্য প্ৰাপ্তিৰ স্থান, 
সৱল মন এটা গঢ় দিছোঁ‌
তহঁ‌তৰ অপৰাধ হিচাব কৰা নাই।

মা
তই হৃদয় হীনা,
গেলা নৰ্দ্দমাত দলিয়াই দিছিলি মোক  
কিন্তু মই নমৰিলোঁ‌!

এক মহান আত্মাই তুলি ধৰিলে মোক!
আজি মই 
পখিলা বিচাৰিব জানিছোঁ‌,
আকাংক্ষাৰ সপোন আঁ‌কিব জানিছোঁ‌।

✍🏻অনন্ত কুমাৰ ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)