চাকৰি-উৎপল দাস

Rinku Rajowar
0
চাকৰি এটাৰ প্ৰয়োজন, চৰকাৰী চাকৰি, য'ত থাকিব উৎসৱ, আনন্দ, সন্মান ।

 বাকী বোৰ মাথো ফুটুকাৰ ফেন ।

মানুহৰ মনত আজি চৰকাৰী চাকৰি প্ৰাপ্তিৰ বাসনা , হৈ চৈ । 

নহ'লেনো ইমান আয়োজন ইমান উষ্ম আদৰণি

ইমান আয়োজনৰ কিহৰ প্ৰয়োজন ?

অন্য পথৰে জীৱন সুন্দৰ কৰা জনৰ জানো মনবোৰ ভাঙি নাযাব জনো ।

পিঠিত বেচৰকাৰী ফলক লাগি থকাৰ বাবে সকাহৰ বহুত প্ৰয়োজন ।

হাহাকাৰ কৰি থকা জনৰ কাৰণে কৰিব লগা তোমাৰ একো নাই নেকি ?

সাহাৰ্য্য দুৱাৰখনত খট্ খটাব নোৱাৰা মানুহজনক , 
খেতিয়কজনৰ আপোনাৰ পোনপটীয়া হাতখনৰ বহুত প্ৰয়োজন ।

কাম সিহঁতেও কৰে বেচৰকাৰী অনুষ্ঠানত ।

সিহঁত চৰকাৰী এওঁলোক বেচৰকাৰী।  

যোগ্যতাৰে সম অধিকাৰৰ প্ৰয়োজন , চাকৰিৰ ।

            ▪️শ্ৰী উৎপল দাস 
      কুৰুৱাবাহী বোকাখাত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)