তোমাৰ স্মৃতি-চেমিমা চুলতানা

©Admin
0
কুঁৱলীৰ ফাকেৰে অহা
ৰ'দৰ উমাল স্পৰ্শত
মনত পৰে তোমাৰ
বুকুৰ উমলৈ..... 

নীলা আকাশৰ তলত বহি
হাতে-হাত ধৰি
ৰচা আমাৰ সেউজীয়া
সপোন বোৰলৈ
মনত পৰে বৰকৈ.... 

মনৰ ভিতৰৰ সৰু পজাঁটিত 
সজতনে ৰাখিছিলো তোমাক 
কিন্তু....... 
এজাক ধুমুহাই আহি
চিন্ন-ভিন্ন কৰি গ'ল
মোৰ মনৰ পজাঁটি... 

আউলি-বাউলি হৈ
এবুকু আশাৰে 
বাট চাওঁ তোমালৈ 
কিজানি বা আহিবা 
মোৰ মনৰ ভগা পজাঁটি 
পুনৰ সজাবলৈ.... 

মৰহা গছ জোপাৰ 
নতুনকৈ অহা 
কোমল পাতবোৰে
মনত পেলাই আমাৰ
অতীতৰ সেউজীয়া সপোনবোৰলৈ
আমি ৰচা সপোনবোৰ 
এতিয়া 
মৰহি গ'ল.... 
আহিবানে তুমি.....? 
আমাৰ মৰহা সপোনবোৰ 
পুনৰ সেউজীয়া কৰিবলৈ..... 

                    ✍️চেমিমা চুলতানা
                    মৰিগাঁও, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)