মই
ভাগি যোৱা এখনি নাওঁ।
সাগৰৰ ইপাৰৰ পৰা চিঞৰো মই
মোৰ পিয়াহ লাগিছে,
কিন্তু মোৰ চিঞৰ কোনেও নুশুনে।
সাগৰত পানী শুকাই গ'লে ,
যেনে দৰে মাছ,কাছই
পানী বিচাৰি হাহাকাৰ হয় ,
ঠিক তেনেদৰেই ময়ো
তোমাৰ পিয়াহত মৰো ।
ক্লান্ত জীৱনৰ পথিক হৈ
অক্লান্ত জীৱনৰ সাগৰখনত
ক্লান্তিহীন এখনি নাওঁ হৈ আছোঁ
তোমাক পোৱাৰ
হেঁপাহৰ আশা লৈ ।
তুমি আহিবা সেই বাটেৰে
যি বাটে
শেৱালী সিক্ত হৈ পৰা ,
এটি সুগম বাটত সুবাস বিলাই ।
✍️মিন্টু গোৱলা,
লখিমপুৰ কদম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ