পৰিবৰ্তন-নীল প্ৰজাপতি

©Admin
0
কলৰো কাল বিপৰীত কাল
পৰিৱৰ্তনৰ যোৱাৰত সকলো বেহাল,
নাঙঠ যোগীক অসভ্য কোৱাজন
স্বল্পবসনাৰ কোলাত বিৰাজমান!

জ্ঞানেই শক্তি বোলাজনে গাই
বন্দুকৰ জয়গান,
সকলোবোৰ সিংহই আজি
চিনাকী দি ভাল পায় শিয়াল মহান!
এইহেন যুগত অজলাৰ ডিঙিত
জিলিকি ৰ'ল মৰণফাণ্ড! 


গোলকীয় গাৱঁত থাকি
গায় অভাৱৰ গান
সবাকে হিতাধিকাৰী সজাই 
হয় নিজেই মহান!
বলি বিধান নামানি হয় আধুনিক 
কাটি-মাৰি-পুৰি খায় তন্দুৰী-কাবাব! 

বাট এৰি অবাট হ'ল
চোৰ ডকাইত নেতা হ'ল 
সকলো সেউজ কৰ দি
কাঠৰ মাৰিৰে খোৱাত অভ্যস্ত হ'ল! 

পৰিৱৰ্তন শব্দটি শুনিবলৈ ভাল
দিশ হেৰুৱাই হৈছে কিন্তু যমকাল! 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)