ভাৰাক্ৰান্ত জীৱনৰ সুঁতি- কল্পনা বৰা

©Admin
0
শুনা পাইছোঁ জীৱন পথত
কাৰোবাৰ ৰিণিকি ৰিণিকি মাত,
বিষাদৰ আৰ্তনাদ্
গৌৰৱৰ উল্লাসিত মধুময় জীৱনৰ বাৰ্তা।
কেঁচা ঘাম মাটিত পৰিছে
সোণোৱালী শস্যৰে সেউজীয়া হৈছে ধৰণী;
ধৰণীৰ সেউজীয়া ৰং
পলাশৰ ৰঙীন ফাকুৱে 
লৈ আনিছে বসুন্ধৰালৈ সুখৰ হাঁহি।
এবাৰ চকু ফুৰালে দেখোঁ
বিলাসী গাড়ীত উঠি
অট্টালিকাৰ ওপৰত বহি
কাৰোবাৰ ভোগ-বিলাসৰ ফূৰ্তিময়ী জীৱন।
বাঃ ! কি যে সুখ!
কিন্তু পোৱা নাই তেওঁলোকে
জীৱনৰ প্ৰকৃত মোহ।
কাৰোবাৰ অবৈধ প্ৰেমৰ পৰিণতি
পৰি ৰৈছে ক'ৰবাত এটি কণমানি শিশু;
কোনোবা নিৰ্জন গোপন ঠাইত
আকৌ কেতিয়াবা ডাষ্টবিনত ।
পৃথিৱীৰ মোহ নেদেখাকৈ 
জন্ম হৈয়ে কোমল দেহত 
পোক-পৰুৱাৰ কামোৰ। 
সঁহিব পাৰিছে জানো কণমানিটিয়ে ? 
দেখা নাই নে কোনেও পৃথিৱীৰ পৰিণতি!
মানুহৰ অমানৱত্ব গৰিমাখিনি ? 
কোনোবা দুভাগিনীয়ে হাহাকাৰ কৰি চট‌্ফটাইছে 
নাই এমুঠি চাউল ভোকৰ যন্ত্ৰনা গুচাবলৈ,
নাই হাতত ফুটাকৰি এটিও 
চকুৰ মণিক এযোৰ সাঁজ উপহাৰ দিবলৈ।
বিক্ৰী কৰিছে নিজৰ শৰীৰ
কোনোবা লালসিত পশুৰ হাতত ।
উস্ ! অসহ্য !
এয়াই নেকি আজিৰ ধৰিত্ৰী ? 
হেৰাই গৈছে প্ৰকৃত স্বৰূপ অৱনীৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)