নীলা ডাৱৰবোৰৰ তলত আজি অকলে মই- মিন্টু গোৱলা

©Admin
0
দূৰ আকাশৰ শুকুলা ডাৱৰ বোৰে 
বৰকৈ মনত আমনি কৰে,
বাৰে বাৰে আৱৰি ধৰে শুকুলা ডাৱৰ বোৰে, 
ডাৱৰবোৰে মোৰ কাণত কিবা কথা কৈ যায়, 
যেতিয়া অকলশৰীয়া হৈ নীলা ডাৱৰৰ 
তলত বহো।
ডাৱৰবোৰে মোক বৰকৈ আপোন জনৰ কথা কয়,
মই নিস্তব্ধ হৈ মনে মনে চাই থাকোঁ শুকুলা ডাৱৰক।
আজি অকলশৰীয়া হৈ নিজান কোণত 
নিঃশব্দে চকুলো টুকু আপোন জনৰ স্মৃতিৰ ভাৱনাত।
নীলা ডাৱৰবোৰৰ তলত আজি মই সচাঁকৈ অকলশৰীয়া হৈ আছোঁ,
আজিও বাট চাই আছোঁহি আপোন জনক নীলা শুকুলা ডাৱৰৰ তলত বহি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)