সকলোৰে এই হাতৰ কামবোৰ কৰাৰ নানা অভিজ্ঞতা হয়তু আছে।বিশেষকৈ চতুৰ্থ-পঞ্চম শ্ৰেণীত হাতৰ কামবোৰ অধিক কৰিবলৈ দিয়ে।চতুৰ্থ শ্ৰেণীত তেতিয়া প্ৰাথমিক বৃত্তি পৰীক্ষা হয়।বৃত্তি পৰীক্ষাত এই হাতৰ কামবোৰৰ বাবে বহু নম্বৰ আহে।যাৰ বাবে পূৰ্বৰে পৰা এইবোৰ কামত অলপ পাৰ্গত হৈ থাকিব লাগে।
মই পঢ়া প্ৰাথমিক বিদ্যালয়খনৰ নাম আছিল শিৱসাগৰ নগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন প্ৰাথমিক বিদ্যালয়।আমি পঢ়াৰ আগৰ পৰা বৰ্তমানলৈকে বিদ্যালয়খনে পৰীক্ষাৰ ফলাফলত বিশেষকৈ প্ৰাথমিক বৃত্তি পৰীক্ষাত উন্নত ফলাফলৰ ধাৰাবাহিকতা ৰক্ষা কৰি আহিছে।গতিকে পৰীক্ষাৰ বাবেই আমাৰ হাতৰ কামৰ প্ৰস্তুতিও তুংগত হয়।পাঠদানৰ মাজৰ পানী খোৱা ছুটিত নহ'লে শেষৰ পিৰিয়ডত প্ৰাথমিক বৃত্তি পৰীক্ষা দিবলগীয়া ছাত্ৰ-ছাত্ৰীসকলক আগফালৰ চোতালত নি চাৰহঁতে মাটিৰে বস্তু সাজিবলৈ শিকায়।ঘৰৰ পৰা স্কুল বেগতে মাটিৰ চপৰা লৈ যাওঁ।কোনোৱে কয় কেঁকুৰা গাতৰ মাটিৰে বস্তু সাজিবলৈ ভাল।গতিকে দেউতাক কুটুৰি কেঁকুৰা গাতৰ মাটি অনাওঁ।আমি সকলো বন্ধু-বান্ধৱীয়ে পানীৰ বটলটো আৰু মাটিৰ চপৰাটো লৈ স্কুলৰ বাৰাণ্ডা-চোতালত বহি মাটি খচাত লাগি যাওঁ।যিয়ে যিদৰে পাৰে তেনেদৰে মাটিৰে ইটো-সিটো সাজিবলৈ চাওঁ।আম,ৰঙালাউৰ পৰা আদি কৰি ভিন্ন বস্তুলৈকে নিৰ্মাণ কৰোঁ।সম্পূৰ্ণ আকৃতি নহ'লেও নাই। কিন্তু চেষ্টা নকৰাকৈ নেৰোঁ।কাৰণ পৰীক্ষাত সাজিব নোৱাৰিলে নম্বৰ নাপাম।ইয়াৰ মাজতে কেতিয়াবা ইউনিফৰ্মও মাটিৰে লেতেৰা নকৰা নহয়।
সেইদৰে আমাৰ ছোৱালীবোৰে চিলাইও শিকিছিলো। মাৰ্কিন কাপোৰত ৰাণ চিলাই,চেইন চিলাই,মণি চিলাই,বুটাম কাজ আদি কৰিছিলো।পৰীক্ষাত যিটো চিলাই আহে তাকে মাৰ্কিন কাপোৰ ডোখৰত কৰি সেয়া পৰীক্ষা বহীৰ পিছফালে গাঁঠি দিওঁ।পৰীক্ষাত ক্লাছ ৰূমত বহি আমি ছোৱালীবোৰে প্ৰস্তুত কৰিবলৈ দিয়া মতে চিলাই কৰো আৰু ল'ৰাবোৰে ক্লাছ ৰূমৰ বাহিৰত সিহঁতক কৰিবলৈ দিয়া মতে বাঁহৰ কামবোৰ কৰে।কেৱল চিলাই আৰু বাঁহৰ কামহে ল'ৰা -ছোৱালীৰ বাবে পৃথক আছিল।কাগজ আৰু মাটিৰ কাম ল'ৰা- ছোৱালী উভয়ে কৰিব লাগে।কাগজৰ কামৰ বেলিকাও নাও সজা,বল সজা,লেফাফা সজা ইত্যাদি কৰিব লাগে। কেতিয়াবা কাগজৰ পৰা বনাবলৈ দিয়া খামৰ একোটা নিৰ্দিষ্ট জোখ প্ৰশ্নকাকতত উল্লেখ কৰি দিয়ে।তেতিয়াহে জোখ মিলাই কৰোঁতে কৰোঁতে অলপ অসুবিধা হয়।প্ৰতিটো পৰীক্ষাতে আমি এই হাতৰ কামবোৰৰ বাবে সাজু থাকোঁ।ছবি পৰীক্ষা দিবলৈ যোৱা দিনা লগত মাটিৰ চপৰা,কাগজ, কাপোৰ,সূতা,বেজী,কেঁচী লৈ যাওঁ।পৰীক্ষাৰ আগে-আগে পঢ়াৰ সমান্তৰালকৈ আমি হাতৰ কামৰো অনুশীলন কৰোঁ যাতে পৰীক্ষাত সাজিব পাৰোঁ।
আজি-কালি প্ৰাথমিক বিদ্যালয়সমূহত হাতৰ কামৰ বেলিকা এইসমূহ কাম কৰিবলৈ দিয়া দেখা নাযায়।দিলেও সেয়া গৃহকৰ্মৰ ৰূপতহে।আমাৰ সময়ত এইসমূহ কাম আমি পাঠদানৰ সমান্তৰালকৈ কৰিছিলোঁ।হাতৰ কামৰ পৰীক্ষাৰ বাবেও সাজু হৈছিলোঁ।এইসমূহ হাতৰ কাম কিছুমানৰ বাবে হবি হিচাপে পৰিণত হয় আৰু ইয়াক পিছলৈ বৃত্তি হিচাপেও গ্ৰহন কৰাৰ থল থাকে।কুটীৰ উদ্যোগবোৰ এনেধৰণৰ পদক্ষেপৰ পৰাই আৰম্ভ হয়।এইসমূহ হাতৰ কাম কৰাত এক সুকীয়া মাদকতা আছিল।আজি-কালি ল'ৰা-ছোৱালীৰ এচাইনমেণ্ট, হোমৱৰ্ক, প্ৰজেক্টৰ অন্ত নহয়।এই হাতৰ কামবোৰকো এই এচাইনমেণ্ট, প্ৰজেক্টত অন্তৰ্ভূক্ত কৰিব লাগে।সপ্তাহত একোটা দিন বিদ্যালয়ত এই হাতৰ কামবোৰ ল'ৰা-ছোৱালীক কৰিবলৈ দিয়া উচিত।এইসমূহ হাতৰ কামো পূৰ্বৰ দৰে পৰীক্ষা,পাঠদানত সংলগ্ন কৰিলে ভাল।কেৱল পাঠ্যপুথিতে সীমাবদ্ধ নকৰি হাতৰ কাম-কাজতো ছাত্ৰ-ছাত্ৰীক আগৰণুৱা কৰিব পৰাটো ভাল।
◾মনস্বিনী শৰ্মা।
স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিক।
অৰ্থনীতি বিভাগ,ডিব্ৰুগড় বিশ্ববিদ্যালয়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ