মানৱশ্ৰেষ্ঠ-জিত সোনোৱাল

©Admin
0
জীৱশ্ৰেষ্ঠ – এক হাস্যস্পদ বিশেষণ। হাস্যস্পদ বুলি কোৱাৰ ইচ্ছা এইকাৰণেই জাগিল কিয়নো এই বিশেষণটোৰ যোগেদি মানুহে নিজেই নিজকে সমস্ত জীৱকুলৰ ভিতৰত শ্ৰেষ্ঠ বুলি ঘোষণা কৰিছে। কিন্তু সেই শ্ৰেষ্ঠতাৰ মাপকাঠী কি? হয়, মানি লৈছো আমাৰ বৌদ্ধিক শক্তি আছে। বিচাৰ বিবেচনা আছে। বৌদ্ধিক শক্তিৰ সহায়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি সাধন কৰি আমাৰ জীৱন ধাৰণৰ পদ্ধতিৰ আমূল পৰিৱৰ্তন ঘটাইছোঁ। হাবিৰ পৰা ওলাই আহি নিজৰ ঘৰ তৈয়াৰ কৰি লৈ সমাজ আকাৰে থাকিবলৈ লোৱাৰ দিন ধৰি আজি পৰ্য্যন্ত আমাৰ জীৱন-শৈলীৰ অভাৱনীয় পৰিৱৰ্তন ঘটিছে। আমি হয়তো এই পৰিৱৰ্তন সমূহকে থোলমোলতে “উন্নতি” বা  “সভ্যতাৰ পথত অগ্ৰসৰ” হোৱা বুলি কওঁ। কিন্তু সঁচাকৈ এয়া হৈছে জানো? মানুহ জীৱ শ্ৰেষ্ঠ। কিন্তু কিয় ? কেনেকৈ ? কেতিয়াবা এই প্ৰশ্ন দুটা মনত এবাৰ জুকীয়াই চাইছে নে ? নিশ্চয় চাইছে ,আৰু ইয়াৰ উত্তৰো পাইছে। মানুহৰ শুদ্ধ অশুদ্ধ বিচাৰ কৰিব পৰা বুদ্ধি বৃত্তিসম্পন্ন মন মগজু আছে বাবে মানুহ জীৱ শ্ৰেষ্ঠ। অন্য দহ জনৰ দৰে আপুনিও হয়তো মানুহক জীৱ শ্ৰেষ্ঠ বোলাৰ যুক্তিটো এনেদৰেই উলিয়াই লৈছে। কিন্তু সকলো মানুহে জন্মসূত্ৰে মানুহ হোৱাৰ সুবাদতে নিজক জীৱ শ্ৰেষ্ঠ বুলি কোৱাটো যুক্তিপূৰ্ণ হয়নে ? আহকচোন আজি এই সম্পৰ্কে কিছু কথা আলোচনা কৰো।
            প্ৰথম কথা যিকোনো ক্ষেত্ৰত শ্ৰেষ্ঠতা শব্দটোৱে এক ধনাত্মক উৎকৰ্ষ সাধনক বুজাই। অৰ্থাৎ শ্ৰেষ্ঠ জনে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ হ'লে অন্য সকলোৰে তুলনাত নিজৰ চিন্তা বা কাৰ্য্যক অনন্য বুলি প্ৰমাণ কৰি দেখুৱাব পাৰিব লাগিব। মানুহক জীৱ শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰা সকলে কেৱল মানুহৰ বুদ্ধি বৃত্তিৰ দিশটোকে প্ৰাধান্য দিয়া নাছিল। মানুহে বুদ্ধি ,যুক্তি প্ৰয়োগেৰে নিজৰ লগতে দহৰ ভালৰ কাৰণে কাম কৰিব পাৰে । কেৱল মানুহৰে নহয় অন্য জীৱ জন্তুৰ লগতে পৃথিৱীখন সুন্দৰ কৈ গঢ়িবলৈ বিভিন্ন যোগাত্মক চিন্তাৰে পৰিপুষ্ট কাৰ্য্য কৰিব পাৰে। এইবোৰে নিশ্চয়কৈ মানুহক জীৱ শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিব পাৰে আৰু এইক্ষেত্ৰত কাৰোৱে দ্বিমত থাকিব নোৱাৰে। কিন্তু আমাৰ বহু মানুহৰ মন মগজুত ধনাত্মক চিন্তাৰ বিপৰীতে ঋণাত্মক চিন্তাই কিল‌্কিলাই থাকে যাৰ বাবে আমি বিভিন্ন সময়ত আনৰ উন্নতি সহজ ভাবে ল'ব নোৱাৰো। কোনোবাই এখোজ আগুৱালেই আমাৰ দেহ মন ঈৰ্ষাৰ জুয়ে আৱৰি ধৰে। নিজক অমৃতৰ সন্তান বুলি দাবী কৰা আমি মানুহবোৰৰ মন মগজু যদি ঋণাত্মক চিন্তাৰে ভৰি থাকে তেতিয়া জানো জীৱ শ্ৰেষ্ঠ বুলি কোৱাৰ যুক্তি থাকিব ? 
            যদি কেতিয়াবা কোনো এজন মানুহে নৃশংসভাবে অন্য এজন মানুহক হত্যা কৰে বা কোনোবাই ধৰ্ষণৰ দৰে জঘন্য অপৰাধ কৰে ,তেতিয়া বহু মানুহে সেই ব্যক্তিগৰাকীক জানোৱাৰ বুলি কয় আৰু কাৰ্যটোক পাশৱিক বা পশুতুলি বুলি কয়। নিজক জীৱ শ্ৰেষ্ঠ বুলি ক'বলৈ গৈ অন্য জীৱবোৰক আমি নিকৃষ্ট প্ৰাণী বুলি ভাবিছোঁ নেকি ? যদি ভবা নাই তেন্তে আমি জীৱশ্ৰেষ্ঠই কৰা দুষ্কাৰ্যৰ তুলনা কি যুক্তিত পশুৰ লগত কৰিছোঁ ? নৃশংস হত্যাকাণ্ড ,ধৰ্ষণ আদিবোৰক আমি কি যুক্তিত পাশবিক বুলি কৈ গোটেই পশুবোৰ বদনাম কৰিছোঁ ? পশুই জানো কেতিয়াবা নিজৰ মাজত কাজিয়া কৰি নিজৰ প্ৰজাতিক হত্যা কৰাৰ নজিৰ আছে ? পশুৰ মাজত জানো ধৰ্ষণৰ দৰে দুষ্কাৰ্য সংঘটিত হয় ? নিজক শ্ৰেষ্ঠ বুলি প্ৰমাণ কৰিবলৈ বনৰ পশুক তুচ্ছ বুলি বদনাম কৰাৰ প্ৰৱণতাই মানৱ সমাজক আওপকীয়াকৈ লজ্জানত কৰা নাই নে ? আচলতে আমি মানুহবোৰ বহু ক্ষেত্ৰত বনৰ পশুতকৈও নীচ। বনৰ পশুৰ জ্ঞান বুদ্ধি নাথাকিব পাৰে ,কিন্তু সিহঁতে প্ৰবৃত্তিগত প্ৰতিটো কাৰ্য্য প্ৰাকৃতিভাবে সম্পন্ন কৰে। সিহঁতৰ কোনো কার্যতে তিলমানো কৃত্ৰিমতা নাই। এটা কাউৰিক আক্ৰমণ কৰিলে হাজাৰ কাউৰীয়ে চিঞৰি প্ৰত্যাক্ৰমন কৰিবলৈ উদ্দ্যত হয়। এয়াই সিহঁতৰ মাজৰ একতাক নুসূচাই নে ? এতিয়া এবাৰ ভাৱকচোন আমি জীৱ শ্ৰেষ্ঠই আমাৰ দুষ্কাৰ্যৰ তুলনা পশুৰ লগত কৰাৰ কিবা যুক্তি আছে নে ! 
           আৰু এটা ক্ষেত্ৰত আমি মানুহবোৰে অন্য জীৱতকৈ শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰাৰ প্ৰয়াস কৰো। সেয়া হ'ল ধৰ্ম ,আধ্যাত্মিকতা ইত্যাদি। মানুহে ঈশ্বৰক উপাসনা কৰিবলৈ যিমানে মন্দিৰ, মছজিদ বা গীৰ্জা গঢ়িছে ,সিমানে মানুহৰ মাজত ধৰ্মীয় অসহিষ্ণুতা দিনে দিনে বৃদ্ধি পাইছে। ঈশ্বৰৰ উপাসনা স্থলী মন্দিৰ হ'ব নে মছজিদ হ'ব সেই লৈ আমি আমাৰ মাজতে দুৰ্বাদল কাজিয়াত লিপ্ত হৈছোঁ। অতি নির্লজ ভাবে দেহত এটা নিৰ্দিষ্ট ধৰ্মৰ বসন পিন্ধি অন্য ধৰ্মৰ বিৰুদ্ধে কটু বাক্য কৈ নিজক ধৰ্মীয় গুৰু বুলি প্ৰমাণ কৰিবলৈ উঠি পৰি লাগিছো। ইমানৰ পিছতো আমি দাবী কৰিছো যে আমাৰ ধৰ্ম আছে বাবে আমি শ্ৰেষ্ঠ আৰু বনৰ পশুৰ ধৰ্ম নাই বাবে সিহঁত জীৱ নিম্ন ! বনৰ পশুৰ নিৰ্দিষ্ট ধৰ্ম নাথাকিব পাৰে , নিৰ্দিষ্ট উপাসনাৰ স্থলী নাথাকিব পাৰে ,কিন্তু সিহঁতে কেতিয়াও নিজক হিন্দু বা মুছলমান বুলি কৈ নিজৰ মাজত কাজিয়াত লিপ্ত হোৱা নাই । সিহঁতৰ ধৰ্ম প্ৰাকৃতিক , আমাৰ দৰে আনক দেখুৱাই কৰা কৃত্ৰিম ধৰ্ম নহয়। 
            আহক আমি নিজকে জীৱ শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিবলৈ আমাৰ মনৰ পৰা ঋণাত্মক চিন্তাবোৰ আঁতৰাই ধনাত্মক চিন্তাৰে মন মগজু ভৰাই তোলো , জাতি ধৰ্মৰ ভিন্নতা পাহৰি হাজৰিকাৰ ভাষাৰে গাঁও......
"মানুহে মানুহৰ বাবে 
যদি হে অকণো নাভাবে , 
অকণি সহানুভূতিৰে 
ভাবিব কোনেনো কোৱা 
সমনীয়া ....!"  
◾জিত সোনোৱাল
ঠিকনা :- মধুপুৰ তিনিচুকীয়া গাওঁ। 
 ডিব্ৰুগড় (অসম)।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)