আধুনিকতাৰ পৰশ পাই আজি যেন সকলো সম্পৰ্ক নোহোৱা হৈ আছে।যি সম্পৰ্কই মানুহৰ ঘৰ আৰু সমাজ এখন গঢ়াত সহায় কৰিছিল আজি সেই সুমধুৰ শব্দবোৰ লাহে লাহে আমাৰ পৰা আঁতৰি গৈ আছে। আমি আধুনিক মনৰ গৰাকী হৈ আধুনিকতাৰেও ঘৰ এখনৰ সম্পৰ্ক ধৰি ৰাখিব পৰা নাই।ব্যস্ততা , যান্ত্রিকতা , বিশ্বাসঘাটকতাৰ ফলতে আজি সম্পৰ্কবোৰলৈ আহিছে জটিলতা।গাঁৱৰ সেই পুৰণি ঘৰখনত এসময়ত কিমান আনন্দ আছিল। সকলো সময়তে আত্মীয়তাৰে ভৰি আছিল। ভৰপূৰ হৈ আছিল চৌদিশ ।মানুহৰ বাবে কেতিয়াবা হৈ পৰিছিল আশ্ৰম সদৃশ।আজি সেই আনন্দ আৰু আন্তৰিকতা অৰ্থৰ বিনিময়তো ক্ৰয় কৰিব নোৱাৰি।মানুহৰ মাজত হেৰাই গৈছে মানুহ।কাৰো কথা ভাৱিবলৈ কাৰোৰে সময় নাই আজি।আজিৰ দিনৰ বেছি সংখ্যক সম্পৰ্কই জ্বলন্ত চিগাৰেটৰ কুণ্ডলী পকাই পকাই হেৰাই যোৱা ধোঁৱাৰ দৰে হৈছে।অত্যধিক আধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা মৰমৰ ঘৰখনো এসময়ত ঘৰ হৈ নৰয়।ঘৰ ঠিকেই থাকে ঘৰৰ সকলো আচবাব থাকে কিন্তু সেই ঘৰত থাকিবলৈ নাথাকে মানুহ।এই সমস্যা এতিয়া প্ৰায়েই হৈ আছে।হেঁপাহৰে সজোৱা ঘৰখন শূন্য হৈ ৰয়।সম্পৰ্কবোৰ থুনুকা । ইয়াক ধৰি ৰাখিব নোৱাৰিলে ভাঙি যায়।সভ্যতাৰ জখলাত মানুহ যিমান আগবাঢ়ি গৈছে সিমানেই মানুহৰ মাজত মানৱীয় প্ৰমূল্যবোধৰ অৱক্ষয় ঘটিছে। ধন , সম্পত্তি , ঐশ্বৰ্য, আহৰণত এতিয়াৰ মানুহ ব্যস্ত।ব্যস্ততাময় জীৱনৰ মাজত মানুহে পাহৰি গৈছে সমাজ আৰু সম্পৰ্ক।তাহানিৰ পিতৃ মাতৃৰ দৰে এতিয়াৰ মা-দেউতাকৰ সন্তানক সমাজ গঢ়াৰ শিক্ষা দিবলৈ সময়ে নাই আৰু ঘৰখনত আগৰ দৰে পৰিৱেশো নাই।সকলো ব্যস্ত এতিয়া নিজক লৈ। এনে এটা সময় আছিল তিনিশ টকাত চাইকেল এখন কিনি আনিলে গাঁৱৰ অসংখ্য ৰাইজে দেখিবলৈ ভিৰ কৰিছিল। আজি পাঁচ লাখটকীয়া বিলাসী বাহন এখন কিনি আনিলেও দেখিবলৈ মানুহ পোৱা নাযায়। কিমান আনন্দ আছিল সেইদিনবোৰত । ব্লেক এণ্ড হুৱাইট টেলিভিশ্যনত গাঁৱৰ সৰু সৰু ল'ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈ সকলোৱে উপভোগ কৰিছিল নানা ছবি। আজি ৰঙীণ টেলিভিশ্যনৰ ডাঙৰ পৰ্দাত তাতকৈ উন্নত মানৰ ছবি উপভোগ কৰিবলৈ মানুহ পোৱা নাযায়। কিমান আচৰিত কথা এবাৰ ভাৱি চাওকচোন।তাহানিৰ সন্তান আৰু বৰ্তমানৰ ল'ৰা ছোৱালীৰ মাজত বহু পাৰ্থক্য দেখিবলৈ পোৱা যায়।আজিৰ সন্তানে সৰুৰে পৰা যন্ত্রমানৱৰ ৰূপ লয়।বাল্যকালৰ পৰা এওঁলোক নিজক লৈ ব্যস্ত থকা দেখা যায়। ব্যস্ততাৰ মাজত এওঁলোকে বুজি নাপায় সমাজ আৰু সম্পৰ্ক। এনেকৈ ডাঙৰ-দীঘল হোৱা সন্তানে সময়ত গৈ কেৱল নিজক লৈ ব্যস্ত হয়। নিজৰ বাহিৰে এওঁলোক কাকো চিনি নোপোৱা হয়।কাকো নামানে এনে সন্তানে । আনকি সময়ত গৈ নিজৰ পিতৃ-মাতৃকো চিনি নোপোৱা হয়। আৰু এনে নতুন প্ৰজন্মই সম্পৰ্কবোৰ সম্বোধন সূচক শব্দৰ পৰা আঁতৰাই আত্মীয়তাৰ আন্তৰিকতা বিনষ্ট কৰি আছে।আত্মীয়তাই মানুহক এডাল দোলেৰে বান্ধি ৰাখে।আত্মীয়তাই মানুহক দায়বদ্ধশীল হ'বলৈ শিকায়। আৰু এনে আত্মীয়তা হেৰাই যোৱাত বৰ্তমান ল'ৰা-ছোৱালীৰ অৱহেলা আৰু অবিভাৱকে গুৰুত্ব নিদিয়াৰ ফলত আমাৰ মাজৰ পৰা ৰক্তৰ সম্পৰ্কবোৰো নাইকীয়া হৈ আছে।এই ক্ষেত্ৰত প্ৰতিজন অভিভাৱকে চকু দিয়া উচিত নহ'লে ডাঙৰ কোনো বিপদৰ সময়ত আত্মীয়তাৰ কথা বাদেই দিয়ক নিজৰ প্ৰতিৱেশীয়েও তেতিয়া সহায়ৰ হাত মেলি দিবলৈ কুণ্ঠাবোধ কৰিব।বৰ্তমান সময়ত মানুহৰ বাবে মোবাইল ফোনটো যিমান আত্মীয় সেই সমান আত্মীয়তা পৰিয়াল , স্বজন আৰু বন্ধুৰ সৈতেও ৰক্ষা নকৰে।আত্মীয়জন হেৰুৱালে যিমান দুখ পায় মোবাইল ফোনটো হেৰুৱালে তাতকৈ বহু বেছি কষ্ট হয়। কিমান যান্ত্রিক হৈ গৈছোঁ আমি ।এই যান্ত্রিকতাৰ মাজত স্বাভাৱিক আত্মীয়তাৰে গঢ় লৈ উঠা সম্পৰ্কই মানুহৰ মনোজগতত প্ৰভাৱ পেলায়। পুৰণি সেই দিনবোৰ আকৌ সোঁৱৰাই দিয়ে। পুত্ৰ কন্যাৰ পিতৃ-মাতৃৰ প্ৰতি থাকিব লগা কৰ্তব্য আৰু দায়িত্ববোৰ এনে ঘৰবিহীন ঘৰত কেনেকৈ আশা কৰিব পাৰে।আজি সকলো থাকিও মানুহৰ মাজত মৰমৰ অভাৱ।অভাৱ সেই অভিমান আৰু বুজি উঠা সৰল মনবোৰত।খালী ঘৰবোৰত কেৱল ওলমি ৰয় সোঁৱৰণি চিলা। মনৰ ভিতৰত গুজৰি-গুমৰি থকা হতাশাবোৰে মানুহক অমানুহ কৰি তোলে।এতিয়াও সকলো শেষ হোৱা নাই।যান্ত্রিক জীৱন এৰি নিজৰ পৰিয়াল , সমাজ, আৰু বন্ধুত্বৰ সম্পৰ্ক ধৰি ৰাখিবলৈ সকলোৱে শুদ্ধ মনে আগবাঢ়ি আহক।
✍🏻আব্দুল কাদেৰ মিঞা(দ: শালমাৰা মানকাচাৰ)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ