বিশৃংখল-সোনালী শইকীয়া

Rinku Rajowar
0
কেতিয়াবা নিশাবোৰো মাতাল হয়,
মুখা পিন্ধি এজাক নিশাচৰৰ মুক্ত বিচৰণ,
ছাঁ -পোহৰৰ আঁৰত শব্দৰ খেলা।
শব্দই হৃদয়ৰ সেতু বান্ধে।
এই শব্দই কাঁইট হৈ বুকুত বিন্ধে ...
সকলো যেন অভ্যস্ত হৈ পৰে জীৱনৰ আখৰাত ...।

কৃত্ৰিম হাঁহিৰ আৱৰণত উচুপনিবোৰ হেৰায়,
অজুহাত হৈ ৰয় সময়, সলনি হয় মানুহ...।
 প্ৰতিযোগিতাৰ দৌৰত সকলো অচিনাকী এতিয়া ...
 নিজৰ মাজতেই নিৰুদ্দেশ বহু জন ...।
জীৱনৰ মায়াজালত সপোনবোৰো বন্দী হৈ গ'ল।
আশাৰ অপেক্ষাত যেন হৃদয়ে কয়-
"আকৌ নতুন প্ৰভাত  হ'ব .."

   ▪️সোনালী শইকীয়া
টীয়ক, চিন্তামণি গড়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)