শক্তিহীন হৈ বহি পৰিছিলো
তোমাৰ চিতাৰ কাষত
বুকুখন জ্বলি পুৰি
ছাই হৈ গৈছিল দেউতা,
লক্ষ্যহীন হৈ হুকহুকাই কান্দিছিলো
অভিমানী হৃদয়ত শোকে খুন্দিয়াই
অৱশ কৰি পেলাইছিল।
সেই যে তোমাৰ মৃত্যুৰ দিনা
ডিমৌ জোপা ৰুইছিলো
আজি বহুতেই ডাঙৰ হ'ল
গছজোপাৰ ছাঁত বহিলে
তোমাৰ কোলাত বহি
টোপনি গৈছো বুলি ভাবি লওঁ
গছৰ পাতবোৰ উৰিলে
তুমি ফুৰ্তিত আছা বুলি
ময়ো হাঁহিবলৈ প্ৰয়াস কৰোঁ
সেই যে তোমাৰ মৃত্যুৰ দিনা..........!
🔳দিপশিখা ৰাজকোঁৱৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ