শ্মশান যাত্ৰা-ৰণজ্যোতি নাথ

©Admin
0
এই যে উদিত হোৱা বেলিতো দেখিছা....
      সময়ৰ লগে লগে ইয়ো লহিয়াব।
তেজ ৰঙা আবেলিটোৰ উন্মুক্ত  
     বতাহজাকে হিয়া চুমি কৈ যাব..
             মাথো শ্মশান যাত্ৰা।
মৰহি যাব সপোন,
ভাগি যাব আশা,
নিয়তিৰ আজ্ঞ্যা পালনৰ নাথাকিব কোনো বাধা
মাথো শ্মশান যাত্ৰা।
স্মৃতিৰ মনিকোঠাতো সময় দ্ৰুত বেগী।
নিৰাশাৰ ভাবধাৰাত আবেগ অনুভূতি,
            আত্মীয়ই ক্ষন্তেক তুকিব অশ্রু ধাৰা,
শেষ হ'ব জীৱন নাট পৰিব যবনিকা ,
  মাথো মোৰ শ্মশান যাত্ৰা।


                          




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)