জোনাকৰ মাজতো তোমাক দেখোঁ।
বিৰহী মনৰ কত যে বেথা
গুপনে সাৱতি বুকুতেই ৰাখোঁ।
কোনেবা বুজিব তল সৰা শেৱালিক
সুগন্ধি কাৰ বাবে থৈ গ'ল!
কোনেবা শুনিলে ৰঙিলী পখিলাই
ফুলৰ কানে কানে কি কথা কৈ গ'ল!
সপোন মাধুৰী ববছা বনত
ফুলিলে কত হাস্নাহানা,
আন্ধাৰত পোহৰাই জোনাকী পৰুৱাই
নিজম পথটো কৰে সুবাস সনা।
গোলাপী বৰণেৰে কোনেবা সৰজিলে
মাৰিছে মোক পগলা কৰি।
আন্ধাৰৰ মাজত তুমিয়ে জোনাকী
নিৰাশাৰ মাজতো আশাৰ পাপৰি,
জোনাকত তুমি নোলাবা সাদৰি
জোনবাই ডাৱৰত লুকাই যাব,
নিজান পথেৰে নাজাবা অকলে
দুষ্ট ফাগুনে তোমাৰ আচল টানিব।
দুখৰ দিন মোৰে সংগ
পাৰিবানে তুমি কৰিব পাৰ,
ময়োযে তোমাক নোৱাৰোঁ এৰিব
সহিব নোৱাৰিম তুমি হীন ভাৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ