নাৰী তুমি মহান - আব্দুল কাদেৰ মিঞা

©Admin
0
এখন সুস্থ সমাজ গঢ়াত নাৰীৰ ভূমিকা অপৰিসীম।
এগৰাকী নাৰীৰ কৰ্মক্ষেত্ৰ কেৱল ঘৰৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ হৈ নাথাকে। ৰাজনীতি, শিক্ষা, বিজ্ঞান, ক্ৰীড়া, সাংস্কৃতি আদি সকলো দিশতে নাৰীৰ অৱদান অনুকৰণীয়।ভগৱানে মানৱ সৃষ্টিৰ পৱিত্ৰ দায়িত্ব নাৰী জাতিক অৰ্পণ কৰিছে।ভাৰতীয় সংস্কৃতিত নাৰীক লক্ষ্মী, সৰস্বতী, দূৰ্গা মাতা , অৰ্ধাঙ্গিনী আৰু দেৱী ৰূপত পূজা কৰা হয়।নাৰীয়ে পত্নীৰূপে , মাতৃৰূপে, ভগ্নীৰূপে , বন্ধুৰূপে যুগে যুগে মানৱ সমাজক প্ৰেৰণা যোগাই আহিছে। সেইবাবে কোৱা হয় সতীত্ব আৰু পবিত্ৰতা ভাৰতীয় নাৰীৰ ভূষণ।নাৰীক সকলো ধৰ্মত সম অধিকাৰ আৰু সম মৰ্যদা দিয়া হৈছে।নাৰী এগৰাকীৰ অবিহনে ঘৰ এখন কল্পনাৰ অতীত।নাৰী হৈছে প্ৰেমৰ প্ৰতীক। কথাতেই আছে " নৈৰ সমান ব'ব কোন আইৰ সমান হ'ব কোন"।পত্নীৰ মৰম আৰু শাসনৰ বাবে বহু জনে সংসাৰৰ দায়িত্ব সুকলমে পালন কৰিবলৈ সক্ষম হয়।প্ৰেয়সীৰ প্ৰেৰনাই যিকোনো বেয়া মানুহক সফলতাৰ উচ্চ শিখৰত লৈ যাব পাৰে।সেই কাৰণে কোৱা হয় প্ৰতিজন পুৰুষৰ উন্নতিৰ আঁতৰ এজনী নাৰী থাকে। ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহেৰুৱে কৈছিল - " A man educated only he is educated but a woman educated her hole family educated".নাৰী প্ৰকৃতিৰ এক অপূৰ্ব সৃষ্টি।অতীজৰে পৰা মানৱ সমাজৰ নানা উত্থান পতনৰ সমস্যা সমাধানৰ মূলতে নাৰী।দেশ আৰু সমাজৰ প্ৰগতিত নাৰীয়ে এক সুকীয়া ভূমিকা পালন কৰি আহিছে। শিক্ষাৰ ক্ষেত্ৰত এজন পুৰুষৰ যিমান অধিকাৰ আছে নাৰীৰ ক্ষেত্ৰত সিমানেই অধিকাৰ আছে।এজন পুৰুষে সমাজত যিমান জ্ঞানৰ পোহৰৰ সৃষ্টি কৰিব পাৰে এগৰাকী নাৰী তাতকৈ বেছি কৰিব পাৰে।
ইছলামত কৈছে মাতৃ যেতিয়া গৰ্ভৱতী অৱস্থাত থাকে তেতিয়া মাতৃয়ে কৰা কাৰ্যকলাপ সন্তানৰ ওপৰত প্ৰভাৱ পৰে।কৌটিল্যই কৈ গৈছে- গায়েত্ৰী মন্ত্ৰতকৈ শ্ৰেষ্ঠ কোনো মন্ত্ৰ নাই আৰু মাতৃতকৈ শ্ৰেষ্ঠ কোনো দেৱতা নাই।নাৰী মানে সংগ্ৰাম। সমাজ এখনৰ ডেউকা সদৃশ।নাৰীৰ জীৱন সুদীৰ্ঘ সাংসাৰিক সংগ্ৰামৰ অন্য এক নাম।নাৰী পৃথিৱীৰ প্ৰথম শিক্ষয়িত্ৰী।মাতৃ শিক্ষিত নহ'লেও সন্তানক সুপথে আৰু শিক্ষিত কৰাৰ প্ৰয়াস কৰে। ৮ মাৰ্চৰ দিনটো বিশ্বৰ লগতে আমাৰ ভাৰতবৰ্ষতো নাৰী দিৱস পালন কৰা হয়। নাৰীৰ কিমান মৰ্যদা অলপ হ'লেও ৮ মাৰ্চত ওমান পোৱা যায়। নাৰী দিৱসৰ দিনটোত প্ৰতিজন Social network (সামাজিক মাধ্যম ) ব্যৱহাৰ কৰা ব্যক্তিয়ে নাৰী দিৱসক সন্মান জনাই নানা ছন্দেৰে নিজৰ নিজৰ ব্যক্তিগত অনুভূতি প্ৰকাশ কৰি নাৰীক সন্মান জনোৱা দেখা যায়।স্বামী বিবেকানন্দই কৈছিল - যি ঠাইত আদৰ সন্মান নাই, নাৰী সকলৰ বাবে নিৰাপদ স্থান নাই, সেই ঠাইৰ সমাজ এখন কেতিয়াও উন্নত হোৱা সম্ভাৱ নহয়।আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল- এজন পুৰুষক শিক্ষা দিয়া মানে এজন ব্যক্তিক শিক্ষা দিয়া। এজনী ছোৱালীক শিক্ষা দিয়া মানে দহ গৰাকী ব্যক্তিক শিক্ষা দিয়া।পদ্মপুৰাণত সতী বেউলাৰ বিষয়ে বহু তথ্য পোৱা যায়। নাৰীৰ সতিত্যৰ প্ৰমাণ কৰিবলৈ বেউলাক বহুতো কষ্ট আৰু সমস্যাৰ সন্মুখীন হৈয়ো নিজৰ মৃত্যু স্বামীৰ প্ৰাণ উভতাই পাবলৈ সক্ষম হয়। পৌৰাণিক কাহিনীৰে নিৰ্মিত সতী বেউলাৰ ওপৰত ১৯৫৪ চনত মুক্তি পোৱা দশম অসমীয়া কথাছবি প্ৰথম নিৰ্মিত হয়।ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগদান কৰা অসমৰ চাহ জনগোষ্ঠীৰ নাৰীৰ ভূমিকা তেনেই অন্যতম আছিল। স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ চাহ জনগোষ্ঠীৰ বহু মহিলাই প্ৰাণ হেৰুৱাইছিল।অসমত কনকলতা , মুলা গাভৰু , চন্দ্ৰ প্ৰভা শইকীয়া আদি বহুতো খ্যাত অখ্যাত নাৰীয়ে স্বাধীনতা আন্দোলনক সাফল্য মণ্ডিত কৰি তুলিছিল।নাৰী হিচাপে ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ , সৰোজিনী নাইডু, ইন্দিৰা গান্ধী আদিয়ে দেশৰ বাবে সক্ৰিয় ভূমিকা পালন কৰি গৈছে।ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে (১৯১৭-১৯৮৪) চনলৈ ভাৰতবৰ্ষত প্ৰধান মন্ত্ৰী হিচাপে দেশৰ হকে কাম কৰি গৈছে। দেশ মাতৃৰ বাবে কাম কৰিবলৈ গৈ ইন্দিৰা গান্ধীয়ে ১৩ মাহ কাল কাৰাবাস খাটিছিল।ভাৰতৰ প্ৰধান মহিলা ৰাষ্ট্ৰপতি আছিল শ্ৰীমতী প্ৰতিভা পাটিল। প্ৰথম মহিলা ৰাষ্ট্ৰপতি হিচাপে দেশৰ হকে কাম কৰি আজি তেওঁ নিজৰ পৰিচয় ভাৰতীয় ইতিহাসত সোনালী আখৰেৰে লিখি থৈ গ'ল।তেনেই বৰ্তমানৰ দেশৰ মহিলা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ কথা আমি ক'ব পাৰোঁ এজনী আদিবাসী পৰিয়াল সন্তান হৈ দেশৰ দ্বিতীয় মহিলা ৰাষ্ট্ৰপতি হিচাপে দেশৰ হকে কাম কৰি আছে। প্ৰথম অসমীয়া অভিনেত্ৰী আছিল - আইদেউ সন্দিকৈ । তেওঁ অসমৰ জনপ্ৰিয় বুৰঞ্জীমূলক কথাছবি জয়মতীত অভিনেত্ৰী হিচাপে কাম কৰি বহু সুনাম অৰ্জন কৰিছে।বৰ্তমান সমাজৰ অনৈতিক কাৰ্য ৰুধিবলৈ অসমৰ হাজাৰ হাজাৰ মহিলা গাওঁৰক্ষী বাহিনীত যোগদান কৰি হাতে হাতে লাঠি লৈ পহৰা দিয়ে। সদায় নিশা সষ্টম হৈ থাকে মহিলা গাওঁৰক্ষী বাহিনীয়ে নিজৰ দেশ আৰু গাওঁক ৰক্ষা কৰাৰ বাবে ।ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতীয় মহিলা ভলীবল দলত অসমৰ প্ৰথম গৰাকী মহিলা সদস্য আছিল- সন্ধ্যা শৰ্মা।অসম তথা ভাৰতবৰ্ষৰ বাবে এয়া গৌৰৱৰ কথা। বৰ্তমান সময়ত সকলোৰে চিনাকি মুখ লাভলীনা বৰগোহাঁই। ভাৰতীয় বক্সাৰ তথা অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথম গৰাকী মহিলা। এনে আৰু এগৰাকী ভাৰতীয় দৌৰবিদ হিমা দাসৰ কথা আলোচনা নকৰিলে আমাৰ নাৰী সমাজৰ শক্তি অসম্পূৰ্ণ হৈ থাকিব। তেওঁ বিশ্ব ট্ৰেক আৰু ফ্লিল্ড ইভেন্টত পদক লাভ কৰা এজনী ভাৰতীয় মহিলা খেলুৱৈ।হিমা ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্তাত অনুষ্ঠিত এছিয়ান গেমছত ২০১৮ চনত ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰে আৰু ৫০.৭৯ চেকেণ্ড সময়ত ৰাষ্ট্ৰীয় অভিলেখ গঢ়ে।
ৰাষ্ট্ৰপতি শ্ৰীযুত ৰাম নাথ কোৱিন্দে হিমা দাসক ২০১৮ চনৰ অৰ্জুন বঁটা প্ৰদান কৰে। বৰ্তমান হিমা পুলিচৰ ডি এস পি পদত নিযুক্তি লাভ কৰি দেশৰ হকে কাম কৰি আছে। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল- ছৈয়দা আনোৱাৰা টাইমূৰ। প্ৰতিজন অসমীয়া নাৰীৰ বাবে এয়া গৌৰৱৰ কথা। লগতে অলিম্পিক অংশগ্ৰহণ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা খেলুৱৈ আছিল নীলিমা ঘোষ (১৯৫২চন) এয়া হৈছে আমাৰ ভাৰতীয় নাৰীৰ ক্ষমতা।ভাৰতৰ ৰাজ পৰিয়ালৰ ইতিহাসত মোগল সম্ৰাট ঔৰংজেৱৰ কন্যা মেহেৰুন্নিছাৰ পিছত গৌৰীপুৰৰ ৰাজ পৰিয়ালৰ জীয়ৰী প্ৰতিমা পাণ্ডে বৰুৱা একমাত্ৰ নাৰী যি ৰাজপৰিয়ালৰ সকলো আভিজাত্য দলিয়াই সৰ্ব সাধাৰণ মানুহৰ সৈতে সাধাৰণ জীৱন যাপন কৰিছিল। ১৯৮১ চনত সংগীত নাটক অকাডেমী বঁটা আৰু ১৯৯৯চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছিল।গৌৰীপুৰৰ স্থানীয় লোকেই গাবলৈ লাজ কৰা চাচা ভূচা গীতবোৰক তেওঁ যি মৰ্যদা প্ৰদান কৰিলে সি অনস্বীকাৰ্য।আন্তঃৰাষ্ট্ৰীয় মহিলা খেলুৱৈ জুলা শৰ্মা ১৯৮০ চনত টেনিছত দ্বিতীয় স্থান লৈ ৰূপৰ পদক পাবলৈ সক্ষম হোৱা ভাৰতীয় নাৰীৰ এয়া এক গৌৰৱৰ কথা। সাহিত্য জগতক সোনালী কৰা মামণি ৰয়ছম গোস্বামী আমাৰ সকলোৰে প্ৰিয়। নাৰী জগতক আলোৰ সন্ধান দিয়া এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক। এগৰাকী অগ্ৰনী ভাৰতীয় জীৱবিজ্ঞানী আছিল কমলা সাহনী , তেওঁ ১৯৩৯ চনৰ বৈজ্ঞানিক শৃংখলাৰ পি এইচ ডি অৰ্জন কাৰী প্ৰথম ভাৰতীয় মহিলা। তেওঁৰ লগতে নাৰীৰ সফলতাৰ কথা কবলৈ গ'লে আমি কল্পনা চাওলাৰ কথা সুন্দৰকৈ বৰ্ণনা কৰিব পাৰোঁ। আমেৰিকান মহাকাশচাৰী তথা মহাকাশলৈ যোৱা ভাৰতীয় মূলৰ প্ৰথম গৰাকী মহিলা। মহাকাশ অভিযান STS-87STS-1071 কল্পনা চাওলায় মহাকাশত কটোৱা সময় আছিল ৩১ দিন ২৪ ঘন্টা,৫৪ মিনিট।কোনোৱে কয় আমাৰ নাৰী সমাজ পিছপৰা? অসমৰ মহিলা এতিয়া বিভিন্ন ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে।অসমীয়া কন্যাই নিযুক্ত লাভ কৰিছে বিমান চালক হিচাপে। এই ক্ষেত্ৰত ধীৰা চলিহা , পাপৰি চৌধুৰী আৰু অভিস্কা বৰুৱাই শেহতীয়াকৈ অভিস্কা এয়াৰৱেজত বৈমানিক হিচাবে নিযুক্তি পাইছে। পাপৰি হৈছে উত্তৰ পূৱৰ প্ৰথম গৰাকী কমাৰ্চিয়েল বিমান চলোৱা পাইলেট।২০০৬ চনৰ জুন মাহৰ পৰা এয়াৰ ইণ্ডিয়াত পাইলট হিচাপে কাম কৰি আছে পাপৰিয়ে।১৯৯৬ চনতে কমাৰ্চিয়েল লাইচেন্স লাভ কৰিছিল পাপৰি চৌধুৰী।১৯৫০ চনৰ মে' মাহত নগাঁৱত জন্মগ্ৰহণ কৰা পাৰৱীন চুলতান আছিল সুকণ্ঠী শাস্ত্ৰীয় সংগীত শিল্পী । হিন্দী বোলছবি কুদৰত'ত গোৱা হমে তুমছে প্যাৰ কিতনা গীতটিৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে।অসমৰ প্ৰথম মহিলা আৰক্ষী ডি আই জি ভায়লেট বৰুৱায় ৰাষ্ট্ৰপতি আৰক্ষী পদক লাভ কৰে। বৰ্তমান সময়ত নাৰীয়ে পুৰুষৰ লগত সমান্তৰালভাৱে চলিবলৈ আৰম্ভ কৰিছে। ট্ৰাফিক পুলিচৰ পৰা আৰম্ভ কৰি সৌৰজগতলৈ নাৰীয়ে সফলতা অৰ্জন কৰি আছে। পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰাত এগৰাকী নাৰীৰ ভূমিকা অপৰিসীম।শিক্ষক নাৰী আৰু পুৰুষৰ উমৈহতীয়া প্ৰচেষ্টাতে একোটা সুস্থ পৰিয়াল , পৰিয়ালৰ পৰা সমাজ, সমাজৰ পৰা দেশ গঠন হোৱাটো সম্ভৱ। কিন্তু আমাৰ সমাজত নাৰী শিক্ষাৰ গুৰুত্ব কিমান?একাংশ মাক-দেউতাকৰ মন্তব্য ছোৱালী পঢ়া শুনা কৰি কি কৰিব। দুদিন পিছত বিয়া দিব লাগিব। এনেকুৱা পৰিস্থিতিত হাজাৰ হাজাৰ ছোৱালীয়ে নিজৰ শিক্ষা সমাপ্ত কৰিব লগা হৈছে। বছৰ বছৰ ধৰি শিক্ষাৰ ক্ষেত্ৰত পুৰুষৰ তুলনাত নাৰী অবহেলিত হৈ আহিছে। পিতৃ মাতৃয়ে কন্যা সন্তানক শিক্ষানুষ্ঠানলৈ পঠোৱাত হেলা কৰা দেখা যায়।
আৰ্থিক ভাৱে দুৰ্বল অভিভাৱকে কেৱল ল'ৰা সন্তানটোকহে কোনোমতে পঢ়াৰ সুবিধা দিয়ে। ছোৱালীৰ ক্ষেত্ৰত মনোযোগ নিদিয়ে। একাংশ অভিভাৱকে তেওঁলোকৰ কন্যা সন্তানজনীক পঢ়া শুনাতকৈ বিয়া দিয়াতহে বেছি আগ্ৰহী হোৱা দেখা যায়।নাৰী সমাজ উন্নতি কৰিবলৈ হ'লে বিজ্ঞান সন্মত দৃষ্টি ভংগী হাতত ল'ব লাগিব আৰু দৰিদ্ৰতা দুৰীকৰণৰ ওপৰত গুৰুত্ব দি অৰ্থনৈতিক দিশত সমাজক আগুৱাই নিয়াৰ চেষ্টা কৰিব লাগিব। ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনৰ ২২ জানুৱাৰী তাৰিখে "বেটি বাচাও বেটি পড়াও" এই অভিযান আৰম্ভ কৰে। ইয়াৰ উদ্দেশ্য কন্যা শিশু ৰক্ষা কৰক , কন্যা শিশুক শিক্ষা দিয়ক। ই ভাৰতৰ এটি সামাজিক প্ৰচাৰ অভিযান । কিন্তু মোদী ডাঙৰীয়াৰ উক্ত আচঁনি খন ভাৰতবৰ্ষত সম্পূৰ্ণ ৰূপে প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই। অতিতৰে পৰা নাৰী জাতিক কিছু সংখ্যক পুৰুষে ভোগ হিচাপে ব্যৱহাৰ কৰি আহিছে। আকৌ কিছুমানে নাৰীক ৰক্ষিতা হিচাপে ব্যৱহাৰ কৰিছে। কিছুমানে আকৌ বিভিন্ন কু দৃষ্টিৰে মহিলাৰ উপৰত নানা অত্যাচাৰ কৰি আছে।নাৰী সকলো সময়তে নিৰ্যাতিতা , লাঞ্চিতা আৰু অৱহেলিতা হৈ আছে। এওঁলোকৰ উত্তৰণৰ বাবে নাৰী পুৰুষ উভয়ে আগবাঢ়ি আহিব লাগিব।কাগজে কলমে মেল মিটিঙে নহয় হাতে কামে কৰিলেহে সফল হ'ব। ভাৰতবৰ্ষৰ নিচিনা দেশত যদি নাৰী প্ৰধান মন্ত্ৰী , মূখ্য মন্ত্ৰী, পুলিচ বিষয়া, ডাক্তাৰ, অভিযন্তা, পৰ্বতাৰোহণ, খেলুৱৈ আদিৰে ভৰি উঠিছে। সেই খন দেশত আকৌ নাৰী নিৰ্যাতনো চলি আছে। কিছু দানৱৰূপি পুৰুষৰ কাৰণে আজি আমাৰ নাৰী সমাজ নিৰ্যাতিত হৈ আছে।এই অশূৰ শ্ৰেণীৰ পুৰুষক চিৰতৰে শেষ কৰিবলৈ হ'লে প্ৰতিজন নাৰীক দূৰ্গাৰ ৰূপ ধাৰণ কৰিব লাগিব আৰু তেতিয়াহে নাৰী সমাজ মুক্ত আকাশৰ তলত নিজ ইচ্ছা অনুসৰি চলিব পাৰিব । মানুহ নামৰ কিছু সংখ্যক লুভীয়া কুকুৰৰ ওচৰত নাৰী যেন এওঁলোকৰ কিছু সময়ৰ আনন্দৰ উৎস । এই দানবৰূপী পুৰুষ বিলাকক আমাৰ শিক্ষিত সমাজৰ সচেতন ব্যক্তিয়ে সমাজৰ নাৰীৰ স্বাৰ্থে চিৰতৰে শেষ কৰিব লাগিব। দেশৰ সমুহ সচেতন ৰাইজ আৰু ভাৰতবৰ্ষৰ মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া লৈ মোৰ বিনম্ৰ অনুৰোধ সমাজৰ এই অশূৰ ৰূপী পুৰুষ সকলৰ ওপৰত কঠিন আইনী ব্যৱস্থা প্ৰয়োগ কৰক যাতে ভৱিষ্যতে আৰু কোনো নাৰীক ক্ষতি কৰিব নোৱাৰে।

✍️আব্দুল কাদেৰ মিঞা ( দ: শালমাৰা মানকাচাৰ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)