অসমীয়া পৰম্পৰাগত ঐতিহাসিক বান্ধোন - কনমনি নাথ

©Admin
0
অসমীয়া সমাজ ব্যবস্থাৰ ৰীতি-নীতি পৰম্পৰাসমূহ হিয়াৰ আমঠু। এই ৰীতি-নীতি, পৰম্পৰা সমূহ অসমীয়াৰ মান হিচাপে পৰিগণিত হৈছে। যেতিয়ালৈ অসমীয়া সমাজ ব্যৱস্থাত ৰীতি-নীতি, পৰম্পৰাসমূহ সুন্দৰকৈ বৰ্তি থাকিব তেতিয়ালৈ অসমীয়াৰ মান জিলিকি থাকিব। সেয়ে আমি আমাৰ ৰীতি-নীতিসমূহ সুন্দৰকৈ পালন কৰি চলাই নিয়াৰ ক্ষেত্ৰত বিশেষ দায়িত্ব পালন কৰিবলৈ কুন্ঠাবোধ কৰিব নালাগিব। কিন্তু সাম্প্ৰতিক সময়ত আমাৰ সমাজ ব্যৱস্থাত আমাৰ ৰীতি-নীতিসমূহ কিছু পৰিমাণে আমাৰ মাজৰ পৰা ক্ৰমান্বয়ে ফালৰি , বিলুপ্তি হোৱাৰ দিশে গতি কৰি থকা যেন অনুভৱ হৈছে। ইয়াৰ ভিতৰত মাত্ৰ দুটা পৰম্পৰা বা উৎসৱৰ বিষয়ে সংক্ষেপে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিলোঁ।

                    তাহানিৰ ল'ৰালিৰ দিন বোৰলৈ উভতি যদি চোৱা হয় কি যে মধুৰ অনুভূতি আছিল যাক ভাষাৰে বুজোৱা কঠিন হৈ পৰে । বিশেষকৈ লক্ষ্মী পূজা আৰু কাতি বিহুৰ দিনটোত সমনীয়াৰ লগত ল'ৰা-ছোৱালী উভয়ে বিনা নিমন্ত্ৰণে সন্ধিয়া হোৱাৰ লগে লগে গাঁৱৰ এফালৰ পৰা প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে গৈ হাতত মোনা বা প্লাষ্টিক লৈ গাজি বা প্ৰসাদ খোৱাৰ সেই মধুৰ সময়খিনি কি যে অপূৰ্ব ! গৃহস্থই সুন্দৰভাৱে ল'ৰা-ছোৱালীবোৰলৈ অপেক্ষা কৰি থাকে যেতিয়া সকলোৱে হাই-উৰুমি , চিঞৰ-বাখৰৰে ঘৰত প্ৰৱেশ কৰে তেতিয়া গৃহিণীগৰাকীয়ে মৰমেৰে প্ৰসাদ বিতৰণ কৰে আৰু কণ, কণ সমনীয়াসকলে ফুৰ্তিতে হই-হাল্লা , জয়ধ্বনিৰে ৰজন-জনাই গৃহস্থক আশীৰ্বাদ দিয়া এক পৰম্পৰাগত নিয়ম আছিল। সকলোৱে জানে যে লক্ষ্মী পূজা আৰু কাতি বিহু বুলিলে তেনে ধাৰা অব্যাহত থাকে। কিন্তু বৰ্তমান সময়ত আমাৰ নৱপ্ৰজন্মসকলৰ এনেবোৰ দিশৰ প্ৰতি আগ্ৰহ বা ইচ্ছা শক্তি কমি যোৱা যেন দেখিবলৈ পাইছোঁ।                 
                           এনেধৰণৰ পৰিস্থিতি খুবেই দুখদায়ক আৰু এক চিন্তনীয় বিষয় বুলি ভাবোঁ । কিয়নো আমাৰ সমাজত গৃহস্থসকলে সেই লক্ষ্মী পূজা আৰু কাতি বিহুত যি ধৰণেৰে লক্ষ্মী দেৱীক উদ্দেশ্যি পূজা আৰু কাতি বিহুত তুলসী তলত চাকি জ্বলাই ল'ৰা-ছোৱালীবোৰ অহাৰ উদ্দেশ্যে অপেক্ষা কৰি থাকে কিন্তু যদি নিশা হোৱালৈকে নৱপ্ৰজন্মসকলে মানুহৰ ঘৰে ঘৰে যোৱাৰ আগ্ৰহ বা প্ৰবণতা নেদেখুৱাই বা একেবাৰে নাযায় তেতিয়া সেই গৃহস্থৰ গৃহিণীগৰাকীয়ে হয়তো দুখ অনুভৱ কৰিব । কিমান আগ্ৰহেৰে অপেক্ষা কৰি আছিল, প্ৰসাদ বিতৰণ কৰিব আৰু কণ কণসকলে আশীৰ্বাদ কৰিব ! পিছে সকলো আশা যেন নিৰাশা হৈ পৰে। যদিহে এবাৰ নৱপ্ৰজন্মসকলে সেই মাদকতা খিনি উপভোগ কৰিলেহেঁতেন তেতিয়া নিশ্চয় বুজি উঠিলেহেঁতেন, কিমান যে ফুৰ্তি , আনন্দদায়ক । তাৰ ভিতৰত কিছু সংখ্যকে সেই মাদকতাখিনি বৰ্তমানো উপভোগ কৰি আছে কিন্তু আগৰ তুলনাত নিচেই কম । কিন্তু এনে ধৰণৰ পৰিস্থিতি হোৱাৰ মূলতে হয়তো আধুনিকতা বা ডিজিটেল প্ৰযুক্তিৰ প্ৰভাৱ । যিখিনি সময়ত ৰং-ধেমালিৰ মাজেৰে ঘৰে ঘৰে গৈ প্ৰসাদ বা গাজি খাব লাগে সেই সময় খিনি বৰ্তমান বেছি সংখ্যক যুৱক- যুৱতীয়ে ম'বাইল বা তেনে ধৰণৰ ইলেকট্ৰনিক যন্ত্ৰৰ সৈতে ব্যস্ত থাকি সেই মধুৰ সময়খিনি অতিবাহিত কৰি পাহৰি পেলাই কিন্তু আধুনিকীকৰণৰ অৰ্থ এইয়া নহয় যে , আমি আমাৰ মৰম-স্নেহৰ পৰম্পৰাবোৰ পাহৰি এলাগী কৰিম। প্ৰকৃতাৰ্থত আধুনিকীৰণৰ ফলত আমি আগ্ৰহেৰে আমাৰ পৰম্পৰাসমূহ অধিক আৰু অধিক উচ্চ স্তৰলৈ নিব লাগিছিল। কিন্তু আমি বিপথে পৰিচালিত হৈ থকা যেন অনুভৱ হৈছে। 

             এনেধৰণৰ মানসিকতা আমি পৰিত্যাগ কৰিবৰ হ'ল । নহলে আমি অসমীয়া বুলি পৰম্পৰাবিলাক পাহৰি অসমীয়াৰ অস্তিত্ব নোহোৱাৰ দিশে গতি কৰিম । সেয়ে এই ক্ষেত্ৰত নৱপ্ৰজন্মসকলে বিশেষ ভূমিকা গ্ৰহণ কৰাৰ উপযুক্ত সময় আহি পৰিছে বুলি ভাবোঁ নহ'লে সকলো অসমীয়াৰ অনুষ্ঠান,পৰম্পৰা কালৰ সোঁতত লীন যাব । আমি আমাৰ ঐতিহাসিক ৰীতি-নীতি সমূহ সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত অভিভাৱকসকলৰ বিশেষ দায়িত্ব বা কৰ্তব্য বুলি মানি লৈ অসমীয়া অনুষ্ঠান, পৰম্পৰাৰ বিষয়ে বহল ভিত্তিত বৰ্ণনা কৰি নিজৰ সন্তান বা শিশু সকলক বুজাই দিয়া উচিত তেতিয়া আমাৰ পৰম্পৰাসমূহ সুন্দৰভাৱে চলি থাকিব আৰু নিজকে অসমীয়া বুলি গৌৰৱান্বিত কৰিব পৰা যাব। আমাৰ শিশু সকলক উচ্চ শিক্ষাৰে সমাজত ভাল মানুহ ৰূপত প্ৰতিষ্ঠিত কৰিবলৈ হ'লে আমাৰ সমাজৰ পৰম্পৰাবোৰৰ বিষয়ে সম্পূৰ্ণ ভাৱে জ্ঞান প্ৰদান কৰিব লাগিব । সেয়ে সৰুৰে পৰা সেই নীতি শিক্ষা দিয়া নিতান্তই প্ৰয়োজন আছে বুলি ক'ব খোজো। 
               
                      সদৌ শেষত আমাৰ অসমীয়াৰ মান বচাই ৰাখিবলৈ হ'লে আমাৰ নৱপ্ৰজন্ম সকলে এনেবোৰ দিশৰ প্ৰতি বিশেষ ভূমিকা লৈ অসমীয়া জাতিটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰি অসমীয়াৰ মান ৰীতি- নীতি,পৰম্পৰা সমূহ দাঙি ধৰিব লাগিব তেতিয়াহে বৰ্তমান সময়ত আধুনিকীকৰণ স্পষ্টভাৱে প্ৰকাশিত হ'ব বুলি ক'ব পাৰি।

✍️ কনমনি নাথ (বাক্সা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)