ভাইটিৰ মৰম - জিতু নেওগ

©Admin
0
নিজ ভায়েক বায়েকৰ ঘৰলৈ ওলাইছে । সৰুতে একেলগে খেলি-ধূলি ডাঙৰ-দীঘল হোৱা ভায়েক কিন্তু পঢ়ি-শুনি ডাঙৰ মানুহ হ'ব নোৱাৰিলে । তথাপি ভায়েকৰ বায়েকৰ প্ৰতি খুবেই মৰম । বায়েক চহৰত থাকে , ভিনিহিয়েক অইলৰ চাকৰিয়াল । ইতিমধ্যে বোলে পুতেকেও অইলতে নিযুক্তি পাইছে । টকা পইচাৰ অভাৱ নাই । বিৰাট অট্টালিকা সাজিছে চহৰত । ভায়েকে ধনী কাৰণে নিজৰ বায়েক হ'লেও যাবলৈ টান পায় আৰু বেছিকৈ গৈ থাকিলেও কিজানি ভাবিব পাৰে বায়েকৰ পৰা টকা নিবলৈ আহে বুলি । পূজাত এপাক নগ'লেও ভায়েকৰ মনটোৱে নামানে । বাৰীৰ কল , অমিতাকে আদি কৰি বেগত লৈ বায়েকৰ ঘৰ পাই বাহিৰতে বহি ৰ'ল । অলপ সময়ৰ পাছত বায়েক ওলাই আহিল আৰু খঙেৰে কলে , "ভাইটি তই আহিলে মই কিমান কথা শুনিম আৰু সিহঁতৰ পৰা ।‌এইবোৰ লৈ যা, তোক কিবা দিলে সিহঁতে বেয়া পায় ।"বেজাৰ মনেৰে ঘৰলৈ ঘূৰি অহা ভায়েকক মানুহজনীয়ে সুধোতে কৈছিল , "মোৰ বাইদেউৰ ভাল ।"

✍️জিতু নেওগ, তিনিচুকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)