মনৰ যাতনা- আহচানাল মাৰিফ

©Admin
0
উজাগৰী নিশাৰ
মাজ অংশত
এজাক মলয়া বতাহে,
সেমেকা কৰে মোৰ
মনৰ কোণক।

প্ৰাক্তন প্ৰেমিকাৰ ছত্ৰ-ছায়াত
বিলীন যাওঁ মই।
নিদ্ৰাক খুন কৰি
অনিদ্ৰাক সাৱটি ধৰি 
পাৰ কৰোঁ সম্পূৰ্ণ ৰাতি।

চাৰিওফালৰ সমালোচনা,
দেহত হিৰ হিৰাই থকা মনৰ যাতনা, 
পৰিয়ালৰ চাপে দিয়ে মোক
অমানৱতাৰ যন্ত্ৰণা।

তোমাৰ অভিমানী মনে
ছলনাময়ী জীৱনে 
মোক বনালে স্বভিমানী।

জীৱন বাটত লগ পোৱা জনক
দেখুৱাব নোৱাৰোঁ পিৰিতিৰ 
কাৰণ!
মনত খুন্দিয়াই থাকে
তোমাৰ অভিমানী জীৱনৰ
ছলনাময়ী কাহিনীয়ে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)