এটি ক্লান্ত মানৱ ,
জীৱন সাগৰৰ সৰ্ব অধিষ্ঠিত ক্লান্তিহীন
এখনি নাও হৈ পৰিছোঁ
এই মায়াৰ পৃথিৱীত।
কোনো নাই মোৰ আপোন বুলিবলৈ
আছে মাথোঁ আপোন বুলিবলৈ
মোৰ মা, দেউতা (!)
কেতিয়াবা কোনোবাই মোক জীৱন সাগৰৰ
সিপাৰৰ পৰা চিঞৰি কয়
মই তোমাৰ আপোন
কিন্তু মোৰ মনটোৱে বাৰে বাৰে প্ৰশ্ন সুধে
যদি তুমি মোৰ আপোন
তেন্তে তুমি কিয় মোৰ পৰা আঁতৰি থকা (?)
মই জানো মা, দেউতাৰ বাহিৰে
মোৰ আপোন কোনো নাই।
তথাপিও জীৱন সাগৰৰ সিপাৰৰ পৰা
চিঞৰি থকা আপোন
মানুহজনক বিচাৰিছোঁ ,
এই ক্লান্তিহীন জীৱনৰ অপ্ৰাপ্তিৰ
টোপোলা লৈ ফুৰিছোঁ ।
ক্লান্ত জীৱনৰ ব্যাকুলতাৰ
পৃথিৱীত আজি মই অক্লান্ত
মানৱ হৈ পৰি আছোঁ।
যাব লাগিব সেই বাটেৰে
যি বাটেৰে গ'লে আৰু
কাহানিও উভতি নাহো
এই মায়াৰ পৃথিৱীলৈ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ