বৰকৈ ঘূৰি যাবলৈ মন যায়
জীৱন পথৰ উজুটিবোৰে
জোকাৰণি দিলে এটি বিষাদগ্ৰস্ত
ভূমিকম্প পাৰ হৈ যায় হৃদয়ৰ মাজেৰে।
যিমানেই ডাঙৰ হৈ আহিছোঁ
সমস্যাৰে জৰ্জৰিত হৈ পৰিছে জীৱন
কেতিয়াবা যুজাৰ ক্ষমতাকণ থাকে
কিন্তু যেতিয়াই সেই ক্ষমতাৰ অভাৱ হয়
নিজকে দুৰ্বলতা বুলি প্ৰকাশ নকৰি
বাৰে বাৰে যুঁজিবলৈ চেষ্টা কৰোঁ
কিজানিবা সফল হওঁৱে !
দুদিনীয়া এই মানৱ জীৱন
জীৱন পথৰ ক্ষণিকৰ পথিক মই
কাৰোবাৰ বাবে হয়তো প্ৰিয় নহ'ব পাৰোঁ
কিন্তু মই নিজৰ বাবে সদায়েই প্ৰিয়
নিজকে অনুভৱেৰে সজাই ভালপাও
অভিমানবোৰ আৱেগত জিলিকাই
নিজৰ মাজতে সুখ অনুভৱ কৰোঁ।
জীৱন পথৰ ক্ষণিকৰ পথিক বুলি জানিও
অহৰহ সপোন দেখো এটি দুটিকৈ
কেতিয়াবা ভয়ো লাগে সপোনবোৰ
আধাতে মৰহি যোৱাৰ কথা কল্পনা কৰিলে
কাৰণ মইতো নাজানো ক'ত মোৰ শেষ যাত্ৰা
কেৱল মাত্ৰ ইমানেই জানো
জীৱন পথৰ ক্ষণিকৰ পথিক মই ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ