নামিল ছন্দময় শৰৎ,
মুকুতাসনা দুবৰী মাতাল
ৰজনী শেৱালিৰ সুবাসত।
উতলা মনৰ নিতাল মাদকতাৰ
এমুঠি আধৰুৱা আশা,
হৃদয়ৰ নিজম কোণত অঁকা
মৌন এষাৰী ভাষা;
এয়ে হেনো ভালপোৱা।
নীলিম নদীৰ চঞ্চলা ঢৌত
নাচি উঠে জোনাকী সপোন,
ব্যাকুল যৌৱনৰ মন সাগৰত
বলিছে প্ৰেমৰ ফাগুন।
ৰূপ মাধুৰ্যৰ স্নিগ্ধ হিল্লোলে
জগাই তোলে প্ৰেয়সী মনক,
তোমাকে লৈ কাৰেং সাঁজো
মতলীয়া সপোনত।
সৌন্দর্য্যৰ সুৰভি বিলোৱা তুমি
স্নিগ্ধ প্ৰেমৰ ৰাণী,
তোমাতে বিলীন হ'ব খোজোঁ
এমোকোৰা প্ৰণয় বিচাৰি।
মাতাল নিশাৰ নিতাল সুৰত
জাগি উঠে প্ৰেমাসক্ত ভাৱনা,
উন্মাদ মনৰ আলসুৱা ছন্দত
ৰছে প্ৰেমৰ বাসনা।
✍🏻পল্লৱ ৰয়,গহপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ