জীৱনৰ প্ৰতিটো বাটতে কৰি গৈছো অভিনয়...
বিভিন্ন চৰিত্ৰত,
মনে প্ৰাণে চেষ্টা কৰিছোঁ
নিখুঁত ভাবে উপস্থাপন কৰিবলৈ....
কেতিয়াবা হাঁহিৰ, কেতিয়াবা কান্দোনৰ আৰু কেতিয়াবা খলনায়কৰ!
মোহনীয়া জগতত
কিমান যে চৰিত্ৰ!
ক’ব নোৱাৰাকৈয়ে
অভিনয় কৰি গৈছো এটাৰ পিছত এটা ভাও লৈ,
কেৱল অভিনয়৷
চৰিত্ৰবোৰ সুন্দৰকৈ উপস্থাপন কৰিবলৈ গৈ,
কেতিয়াবা বিচাৰি নাপাওঁ নিজৰেই অস্তিত্ব৷
সংসাৰৰ মেৰপাকত কেতিয়া যে কেনেকৈ চৰিত্ৰবোৰ সলনি হৈ গ’ল,ধৰিবই পৰা নাই!
মই কোন?কি মোৰ আচল চৰিত্ৰ??
আজি বিচাৰি পোৱা নাই কোনো উত্তৰ!
এতিয়া জীৱন আলোকিত কৰা বেলিটিয়েও লহিয়ালে,
নাটকৰ শেষাংশ পাবলৈ আৰু বেছি পৰ নাই!
হিচাপ কৰি চালোঁ
আহাৰ ,বস্ত্ৰ, শান্তি,সঞ্চয়ৰ কোষত কোনো এটিও নাই,সমল বুলিবলৈ!
কেৱল অভিনয় কৰি গৈছো এজন ভাৱৰীয়া হৈ৷
✍🏻কানন গোস্বামী,ধুবুৰী৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ