গধূলিয়ে আগমন কৰিলে,
নিৰৱতাযই আলহী হৈ
চৌপাশে থমকি আছে।
মুক্ত বতাহে হাঁহি আছে
শান্তিৰ বাণী বিলাই আছে,
ধূপ-ধূনাই মাতি আছে
আহাঁচোন পবিত্ৰ মনে।
এডোখৰ জুইয়ে মাত দিলে
আলোকিত কৰা চৌপাশে,
দেৱ-দেৱীয়ে ৰৈ আছে
কেতিয়া আহিবা আমাৰ পিনে।
তুলসী জপায় মাতি আছে
আহাঁচোন মোৰ কাষে,
দেহত আহিল পবিত্ৰতা
আত্মাই পালে সান্তনা।
চাকিগচিত জুই দিলোঁ
ধূপ-ধূনা হাতত ল'লো,
শান্তিৰ লোভে পূজা কৰি
পাপি আত্মাক অৰ্পণ কৰিলোঁ।
ভগৱানক শৰণ কৰি
কাতৰ সুৰে মিনতি কৰিলোঁ,
গঙ্গাৰ পানী ছটিয়াই দি
মানৱ জাতিৰ মঙ্গল বিছাৰিলোঁ।
তুলসী জপাৰ তলত বহি
ভক্তি কৰি উলু দিলোঁ,
মহামাৰীৰ পৰা মুক্তি বিচাৰি
সকলো দেৱতাক পূজা কৰিলোঁ,
পূজা পৰ্ব সমাপ্তি কৰি
স্বপ্ন জগতত প্ৰৱেশ কৰিলোঁ।
✍🏻আব্দুল কাদেৰ মিঞা,
দ: শালমাৰা মানকাচাৰ অসম।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ