মা দুৰ্গাৰ পৰা দামিনী সমীপেষু- নাছিৰ আহমেদ

©Admin
0
ইতিহাসে ঢুকি নোপোৱাৰ পৰা
বিশ্বৰ বুকুত দেৱীপূজাৰ পয়োভৰ।
শঙ্খ, ঘন্টা, তাল,ভোৰতাল,ঢাক, ঢোলৰ চেও ধৰি
চিৰ কুমাৰী দেৱদাসীৰ নৃত্যৰ ছন্দে ছন্দে প্ৰদক্ষিণ!

মা দুৰ্গাৰ পৰা দামিনী সমীপেষু
বহু দেৱতাৰ তেজৰ পৰা জন্ম মা দুৰ্গাই
অসুৰৰ তেজ পিবলৈ নামি আহিছে ধৰাৰ বুকলৈ ;
দশভূজাধাৰীয়ে দহখন অস্ত্ৰেৰে বধ কৰিছে অসুৰক

অথচ ,আমি শুভ শক্তিৰ প্ৰতীক মা দুৰ্গাক
অকাতৰে বিসৰ্জন দিওঁ বিজয়াৰ বিফল সন্ধ্যাত!

ক্ষীৰ সাগৰত অমৃত বিচাৰি মন্থন কৰি থাকোঁতে 
উঠি আহিল লক্ষ্মী, উৰ্বশী,মেনকা আৰু চিত্ৰলেখা
তেতিয়া দেৱতা আৰু অসুৰে সিহঁতক ল'লে ভগাই ।

সমাজক আভুঁৱা ভাৰি পুৰহিতে মন্ত্ৰোচাৰণ কৰিলে
" যা দেৱী সৰ্বভূতেষু -মাতৃ ৰূপেণ সংস্থিতা ----- নমস্তসৈ নমস্তসৈ নমস্তসৈ নমো নমঃ
যা দেৱী সৰ্বভূতেষু শক্তি ৰূপেণ সংস্থিতা
নমস্তসৈ নমস্তসৈ নমস্তসৈ নম নমঃ "

 অথচ জুইত পুৰি খাটি সোণ বুলি প্ৰমাণ দিয়ো
সীতা দেৱীয়ে অশৌচ বুলি দণ্ড -কাৰণ্যলৈ গ'ল !
ঋষিৰ শাপত অহল্যাও শিলৰ মূৰ্ত্তি হৈ থাকিল,
দুৰ্বাসা ঋষিৰ শাপত শকুন্তলাইও প্ৰিয়তমক হেৰুৱায়।
যুগে যুগে পুৰুষ -প্ৰধান সমাজে নাৰীক দেৱীৰূপে কৰে পূজন-সেৱন ,
অথচ , সুযোগ -সন্ধানী পুৰুষে দেৱী তুল্যা নাৰীক 
 কৰে অন্যায়, অত্যাচাৰ, ব্যাভিচাৰ, শোষণ আৰু ধৰ্ষণ !
হে আই বসুমতী, মাটিৰ মা , জননী জন্মভূমি !
আৰু কিমান নিৰ্যাতিতা হ'বা ?  
কিমান নিৰ্যাতিতা হ'বা কৌৰৱৰ প্ৰকাশ্য ৰাজসভাত ?
পিতৃ আদেশ মানি মুমূৰ্ষু কাচেমক পতি বৰণ কৰি বিধৱাৰ সাজ পিন্ধিবা ? 
ৰোমৰ দেৱী ভেনাচ আৰু ডিয়েনাও সাৰি নগ'ল ;
মা মনসা , সৰস্বতী আৰু মা দুৰ্গাও -------
দুয়ো কুল পাৰ ওপচাই পলস পেলাই মাটি উৰ্বৰ কৰা নাৰী আৰু নদীয়ো হ'ল বলাৎকাৰৰ চিকাৰ ?

এতিয়া আকৌ পাল পৰিছে দামিনী আৰু নিৰ্ভয়া ,
অসম তথা ভাৰতৰ জীয়ৰী আৰু বোৱাৰীৰ ?

এপিনে জাকজমক ভাবে চলিছে দেৱীৰ পূজা ,
আনপিনে নাৰীৰ ওপৰত জঁপিয়াই পৰিছে 
মহিষাসুৰ, কালকুট আৰু ৰক্তবীজৰ দল !

এতিয়া মেকুৰীৰ ডিঙিত টিলিঙা আঁৰিব কোনে ?

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)