শংকৰদেৱ- মিন্টু গোৱলা

©Admin
0
সৰ্বজ্ঞানী গুৰু তুমি এই মৰতৰ 
ধ্যানত মগ্ন তুমি ধৰ্মতত্ত্ব
বৈষ্ণৱ ধৰ্মৰ বীজ ৰোপিত কৰি গুচি গ'লা
 তুমি বৈকুণ্ঠলৈ
জয় গুৰু শংকৰ তুমি সৰ্ব জ্ঞানী 
তোমাৰ চৰণত শত কোটি ৰেণুক 
বাৰে বাৰে কৰো আজিও প্ৰণাম ।
নামঘৰ সাজি ভক্তিৰ চাকি জ্বলায় 
ভক্তক মুহিলা তুমি
হেজাৰী ঘোষাৰে প্ৰাণ ঢালি ভক্তিৰ তত্ব দিলা ।
সিঁচিলা তুমি নামৰ কঠিয়া জগালা তুমি মনত ভক্তিৰ ভাৱ এই মৰতত।
ভাওনা শিকালা তুমি , তুমিয়ে দিলা শাস্ত্ৰৰ তত্ব 
এই মৰতত ।
বৈষ্ণৱ ধৰ্মৰ বীজৰে বৃষ্টিত এই মৰত 
বৈষ্ণৱৰ গুৰু তুমি শংকৰ গুৰু 
তোমাৰ অবিহনে বৈষ্ণৱ ভক্ত আধৰোৱা 
প্ৰতিটো ক্ষণত তোমাৰ চৰণ বিচাৰে ভকত সবে ।
তুমি শিৰোমণি বৈষ্ণৱ ধৰ্মৰ শাস্ত্ৰৰ জ্ঞানে সমৃদ্ধি তুমি 
ব্ৰক্ষ্মাণ্ডক ভেদী পাৰ ভাঙি
দিলা হৰি নামৰ প্ৰেমৰ অমৃত নদী ।
অযুত ভক্তিৰে সোৱৰিছোঁ 
আজি তোমাৰ শ্ৰী চৰণত।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)