শৰৎ- নৱজিৎ নাথ

©Admin
1
নিয়ৰ সনা গধূলিৰ সুবাসত ;
     আহিনৰ এটি মিঠা আবেলিত , 
এমুঠি জোনাকীৰ নিৰৱতা লৈ শৰৎ তুমি আহিবা ।      

 নিশাৰ নিগ্ধ জোনাকত , 
হৃদয়ৰ এটি বিশেষ কোণত :     
পদুলিৰ শেৱালি জোপাত:
সুবাস সিঁচিবলৈ
শৰৎ তুমি আহিবা ।              

কলীয়া ডাৱৰক শুকুলা কৰিবলৈ ,
নৈ- পৰীয়া কঁহুৱাক উন্মনা কৰি
পৃথিৱীক এটি মোহনীয় ৰূপ দিবলৈ
 শৰৎ তুমি আহিবা ।

হিম হৈ পৰা কুঁৱলী পাতত , 
নিয়ৰসিক্ত বেদনা বোৰ লৈ , 
শাৰদীয় শুভেচ্ছা দিবলৈ
 শৰৎ তুমি আহিবা ।

এটুকুৰা আলসুৱা মেঘ হৈ
 উৎসৱ মধুৰ বতৰা যোগাবলৈ, 
জীৱনৰ ৰঙ আৰু হাঁহি এমুঠিৰ সম্ভাৰে
শৰৎ তুমি আহিবা । 

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment