মোবাইল ফোন আৰু যুৱ প্ৰজন্ম-শ্ৰী মিন্টু গোৱলা

©Admin
0
মোবাইল বা মʼবাইল ফোন হ'ল দূৰ সংযোগৰ বাবে ব্যৱহৃত এক সঁজুলি । পৰম্পৰাগত তাঁৰ যুক্ত টেলিফোনৰ বিপৰীতে মʼবাইল ফোন তাঁৰবিহীন আৰু ইয়াৰ আকাৰ সৰু বা ডাঙৰ হোৱাৰ বাবে এই মʼবাইল ফোনটো বহুত সহজে এঠাইৰ পৰা সিঠাই লৈ কঢ়িয়াই লৈ ফুৰিবলৈ অতি সহজ । মোবাইল ফোনৰ  অসমীয়া প্ৰতিশব্দ হ'ল ভ্ৰাম্যভাষ যন্ত্ৰ। বৰ্তমান সময়ছোৱাত ইয়াৰ ব্যৱহাৰ বেছি কাৰণ বৰ্তমান যুগ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই ইমানেই অগ্ৰগতি লাভ কৰিছে। একোটা নতুন নতুন বস্তুৰ আৱিষ্কাৰ হৈয়ে আছে । আগৰছোৱাত এটি মাত্ৰ তাঁৰ যুক্ত টেলিফোন,চিঠিৰ বাহিৰে মোবাইল ফোন কি ? তাকে চিনি পোৱা নাছিল। বৰ্তমান যুগত মোবাইল ফোনৰ ব্যৱহাৰ হয়।লʼৰা, বুঢ়া,পুৰুষ , মহিলা সকলোৰে ব্যৱহাৰ কৰিব পৰা অতি চিনাকি সামগ্ৰী বিধেই হ'ল মোবাইল ফোন। বৰ্তমান সময়ছোৱাত শিশুৰ হাততো মোবাইল ফোন দেখা যায়।
          মোবাইল ফোন কেতিয়া নো আৱিষ্কাৰ তাৰ ওপৰত অলপ জানিলোটো ভাল।১৯৭৩চনতে মটৰʼলা কোম্পানীয়ে প্ৰথমে মোবাইল ফোন উদ্ভাৱন কৰিছিল যদিও সেই ফোনৰ প্ৰচাৰ প্ৰসাৰ তথা সহজলভ্য নাছিল। প্ৰথম মোবাইল ফোন টোৰ ওজন আছিল দুই কিলোগ্ৰাম তাৰ পিছত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নতিয়ে মোবাইল ফোন ক কম ওজন,কম দাম তথা সহজলভ্য কৰিগোটেই পৃথিৱীকে বাৰে জিনি পেলালে । ফলস্বৰূপে বৰ্তমান সময়ত কম বয়সীয়া লʼৰা-ছোৱালীৰ পৰা বৃদ্ধ-বৃদ্ধালৈকে সকলোৱে ব্যৱহাৰ কৰাত অভ্যস্ত হʼল।এক প্ৰকাৰে কʼব পাৰি ইয়াৰ উদ্ভাৱন তথা সহজলভ্য তাই ইয়াৰ ডাঙৰ পৃথিৱীখনক একেবাৰে সৰু আকাৰ কৰি পেলাইছে।যাক আমি গোলকীয় সমস্যা বুলি কʼয়। কাৰণ এক ছেকেণ্ডত মানৰ ভিতৰতে পৃথিৱীৰ ইটো মুৰ পৰা সিটো মুৰ লৈ বাৰ্তা লাভ কৰিবলৈ সক্ষম হৈছোঁ।আগৰ দৰে আৰু চিঠিৰ অপেক্ষাত থাকিব নালাগে।আত্মীয় বন্ধু বান্ধৱী ৰ দুখ সুখৰ খবৰ পলকতে লʼব পাৰি। বৰ্তমান যুগত চিঠিৰ বাদে ফোনৰ হে ব্যৱহাৰ হৈছে। বৰ্তমান যুৱ প্ৰজন্মৰ  হাতে হাতে মোবাইল ফোন পোৱা যায়।সময়ৰ লগতেই পৃথিৱীখনো সলনি হৈছে। মোবাইল অবিহনে বৰ্তমানৰ যুৱ প্ৰজন্ম আধৰুৱা । বৰ্তমান মোবাইল ৰ গেমে বহুতো যুৱক হত্যাৰ পথটো বাছি দিছে আৰু বহুতো দেখাই দিছে ।কাৰণ মোবাইল ফোন ব্যৱহাৰ কৰি নানা সমস্যাই  সমাজত আৱৰি ধৰিছে।সদায় আমি বাতৰি কাকত পাই থাকোঁ তাৰ  বিষয় কʼব নালাগে । এইবোৰ হোৱাৰ মূল কাৰণ আমাৰ হাতত থকা মোবাইল ফোনৰ ব্যৱহাৰ নজনাৰ বাবে বিভিন্ন সমস্যাই সমাজত গা কৰি উঠিছে। মোবাইল ফোনৰ ব্যৱহাৰ দুই দিশ আছে ১/উপকাৰ ২/অপকাৰ আমি তাৰে বেছিকৈ অপকাৰ দিশটো বাছি লোৱাৰ বাবে আমাৰ সমাজত এনে সমস্যাই দেখা দিয়ে। বৰ্তমান যুৱ প্ৰজন্মৰ ক্ষেত্ৰতটো বেছি দেখিবলৈ পোৱা যায়।আমি মোবাইল ফোনটো ব্যৱহাৰ কৰা আগত ফোনটোৰ ব্যৱহাৰ সমূহ জনাটো ত
অতিশয় জৰুৰী হয় ।তাৰে তলত ব্যাখ্যা কৰিলোঁ ।
                আমি কি কৰো ৰাতিপুৱা উঠাৰে পৰা ৰাতি শুৱালৈকে প্ৰতিটো মুহূৰ্ত্ততে ব্যৱহাৰ কৰো।যেন আমাৰ সংগ দিয়া বস্তটো হ'ল স্মাৰ্ট ফোন। আমাৰ খেলৰ লগৰী পঢ়াৰ লগৰী , চিনেমাৰ লগৰী আদ্দাৰ লগৰী কামৰ লগৰী যেন প্ৰতি মুহূৰ্ত্তই আমাক সহায় কৰিবৰ বাবে তৎপৰ হৈ থাকে। কিন্তু মোবাইল ফোনৰ সুপ্ৰভাৱ বোৰৰ লগতে কু-প্ৰভাৱ আছে যিবিলাক আমাৰ স্বাভাৱিক জীৱন যাত্ৰাত যথেষ্ট ক্ষতিসাধন কৰিছে । মোবাইল ফোন আধুনিক জনজীৱনৰ অপৰিহাৰ্য অংশ যাৰ অবিহনে আমাৰ জীৱন অচল বুলিয়ে কʼব পাৰি । প্ৰত্যেক বস্তৰে ভাল বেয়া দুটা দিশ থাকে । গতিকে মোবাইল ফোনৰ ব্যৱহাৰ কৰিব পাৰিলে ইয়াৰ পৰা আমাৰ স্বাভাৱিক জীৱন যাত্ৰাত কোনো ক্ষতি নহʼব । এইটো সকলোৱে এক মুখে ক'ব যে মোবাইল ফোনৰ বাবে আমাৰ জীৱনত বহু সুবিধা হৈছে, মোবাইলৰ উপকাৰিতা আৰু অপকাৰিতা দুয়ো আছে। তথাপিও আজিৰ যুগত ইয়াৰ উপকাৰিতা বেচি সৎ ব্যৱহাৰ কৰোঁতে আছে যদি ও খুব কম আছে ।বৰং অপকাৰি দিশটো বাছি লৈছে আজিৰ যুৱ সমাজে ।সিহঁতে ভাল বেয়া বিচাৰ নকৰে যাৰ বাবে বে‌য়াৰ দিশটো ভাল‌ দিশ বুলি লৈছে ।যাৰ বাবে সমাজত নোহোৱা কাণ্ড হোৱা দেখা যায়। মোবাইল ফোনৰ কিমান ঘটনা দেখি তেওঁ লোকে সেই বাবে সমাজৰ আগত কৰিবলৈ লয় যেন যৌৱন নিৰ্যাতন ,আত্ম হত্যা আদি কাণ্ড ঘটি থাকে। যুৱ প্ৰজন্মই মোবাইল ফোনৰ বেয়া দিশত ব্যৱহাৰ কৰা বাবে সমাজৰ নানা সমস্যাই দেখা দিয়ে।আমি আমাৰ শিশু সকলক বা যুৱক যুৱতী ক মোবাইল ফোনৰ ভাল ব্যৱহাৰ টো দেখাব লাগে।আমি নিজৰ সন্তানক চাব লাগে যে মোবাইল ফোন ব্যৱহাৰ ভাল দিশ কৰে নে বেয়া দিশত কৰিছে তাক অভিভাৱকে চকু দিব লাগে।সমাজখন শৃংখল হৈ উঠিব ,আমি সকলোৱে তাৰ ভাল দিশটো ব্যৱহাৰ কৰা উচিত।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)