অশ্ৰু-প্ৰজেছ দাস

Rinku Rajowar
0
বিশালতকৈ বিশাল হৃদয় ভৰা 
সাধু যেন লগা কিছু অকাল্পনিক ঘটনা ,
বাৰিষাৰ ব্ৰহ্মপুত্ৰৰ দৰেই বিশাল নেকি ?
এনে কিছু বাস্তৱিক ৰূপ নোহোৱা 
সূৰ্যৰ পোহৰতেই ভাবিব নোৱাৰা ঘটনা ।
এৰি যায় নিজা পৰিচয়, নিজা ৰূপ ,
মাথোঁ জিলিকি থাকে বকুল ফুলৰ মালাডাল 
হৃদয় ভৰা কান্দোন আজি কাৰ বাবে ?
সেয়া হ'ব পাৰে নিজ পুত্ৰ নাইবা আপোনজন ,
হেৰুৱাৰ বেদনা নাজানে কোনেও অনুভৱ কৰিব 
মাথোঁ জানিব আহে কেনেকৈ হ'ল
এই মৃত্যুৰ দুঃখবৰ ,
কিয় ধাৰণ কৰে এনে স্বৰূপ 
ঘৃণা উপজি নুঠে নে নিজৰ ওপৰতে ?
সঁচাই ভাবিব নোৱাৰা কিছু 
অকাল্পনিক ঘটনা।।


▪️প্ৰজেছ দাস
লখিমপুৰ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)