মানৱতা আজি ক'ত হেৰাল - হাফিজ গিয়াছউদ্দিন আহমেদ

©Admin
0
আমি মানুহেই মানুহৰ শত্রু হৈ পৰিছোঁ।জীৱশ্রেষ্ঠ মানুহে আজি পাহৰি গৈছে মানৱতা। নিজৰ মুনাফা (স্বাৰ্থ)আদায় কৰিবলৈ আমি ভাগ ভাগ হ'বলৈও কুন্ঠাবোধ নকৰোঁ। মানৱ সেৱাই যে পৰম ধৰ্ম আমি পাহৰি গৈছো। বৰ্তমান সময়ত গোটেই বিশ্বত মানৱতা প্ৰায় বিলুপ্ত হোৱাৰ পথত। বৰ্তমান সময়ত সাম্প্রদায়িক বিষবাষ্পই ধ্বংস কৰিবলৈ আগবঢ়িছে মানৱতা। হিন্দু - মুছলিম কৰি কৰি ভাগ কৰা হৈ আছে মানুহক। আমি সকলোৱে মানুহ আৰু মানুহ হিচাপেই জীয়াই থাকিব বিচাৰো, মানুহ হিচাপেই মৃত্যুবৰণ কৰিব খোঁজো। এই জীৱনটো ক্ষণস্থায়ী আমি সকলোৱে শান্তিৰে উপভোগ কৰা উচিত। হিন্দু- মুছলমান নিৰ্বিশেষে সকলোৱে মানৱ জাতিৰ লগত থাকি মানৱ সেৱাত ব্ৰতী হোৱা উচিত। কাৰণ আমি বিশ্বাস কৰোঁ যে মানৱ সেৱাই পৰম ধৰ্ম। ইশ্বৰ প্ৰাপ্তিৰ অন্যতম প্রধান উপায়েই হৈছে মানৱ সেৱা। মানৱ সেৱাত লুকাই আছে স্বৰ্গীয় অনুভূতি। আমি মানুহৰ বিপদত যদি মানুহৰ ওচৰত থিয় দিব নোৱাৰো তেনেহলে আমি কেনেকৈ জীৱশ্রেষ্ঠ মানৱৰ পৰিচয় দিম। আহক আমি সকলোৱে মানৱতা জীয়াই ৰাখো। এই পৃথিৱীত কোনো আমি চিৰদিন জীয়াই নাথাকো। কিন্তু জীয়াই থাকিব আমাৰ সৎকর্ম, জীয়াই থাকিব সুন্দৰ চৰিত্ৰ , জীয়াই থাকিব আনৰ প্ৰতি দেখুওৱা মহানুভৱতা , জীয়াই থাকিব মানৱতাৰ পৰিচয় দিয়াৰ সেই স্মৃতিবোৰ। প্ৰতিটো সময়ত মানুহৰ আপদে-বিপদে থিয় হোৱাটোৱেই মানৱতাৰ পৰিচয়। আমি মানুহৰ বিপদত সহায়-সহযোগিতা কৰিব নোৱাৰিলেও কিন্তু সমালোচনা কেনেকৈ কৰিব পৰা যায়, বিপদত কেনেকৈ পেলাব পৰা যায় সেইখিনি কিন্তু ঠিক কৰিব পাৰে।জীয়াই থাকক ভাতৃত্ববোধ, জীয়াই থাকক মানুহ , জীয়াই থাকক মানৱতা।আহক আমি সকলোৱে মানুহৰ বিপদত থিয় দি মানৱতা জীয়াই ৰাখিবলৈ চেষ্টা কৰোঁ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)