দীপান্বিতা - মিন্টু গোৱলা

©Admin
0
অমাৱস্যাৰ আন্ধাৰ ৰাতি পোহৰে উজ্বল চৌদিশ,
ফুটিছে ফটকা,ফুলঝাৰি কণ্‌ কণ্‌ মইনাৰ হাতত।

আন্ধাৰ ৰাতি পোহৰে উজ্বলি উঠিছে,
কুঁৱলীয়ে চেঁচা কৰা মৃদু বতাহ, জাক বলিছে আন্ধাৰ ৰাতিত শেৱালী ফুলৰ সুবাস, সুগন্ধিবোৰত বৰকৈ আমোল-মোল চৌদিশ।

অন্ধকাৰ ৰাতিক উজ্বলিত কৰিছে শিখাৰ বন্তি গচিয়ে, 
সমাজৰ অপাৰ অমংগল দূৰৰ বাবে উজ্বল শিখাৰ বন্তি গচি জ্বলাই প্ৰতিজনে মনৰ মাজত...!!

শান্তিৰ বাতাবৰণ বিচাৰি অন্ধকাৰৰ পৰা পোহৰৰ উজ্জ্বলতা,কিৰণ বিলোৱা উৎসৱৰ আয়োজনত ব্যস্ত এই মৰত লোকত,
পোহৰে উজ্বলিত হৈ উঠক সমাজৰ সকলো দিশ।

অসূয়া- অপ্ৰীতি দূৰ হয় যাবৰ বাবে মা কালিৰ চৰণত, ভক্তিভাৱেৰে সকলো ভক্তই শৰণাপণ হয়।

অমাৱস্যাৰ অন্ধকাৰ ৰাতিত পোহৰৰ কিৰণ বিলোৱা পোহৰৰ উৎসৱ দীপান্বিতা।।

     ✍🏻শ্ৰী মিন্টু গোৱলা      
        লখিমপুৰ,কদম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)