এটি প্ৰেমৰ কবিতা - মিন্টু গোৱলা

©Admin
0
আবেলিৰ বেলিটিয়ে কিয় জানো
কৈ গ'ল (?)
তুমি অহাৰ কথা 
মোৰ হৃদয়ৰ স্পন্দনত তুমি সদায়
সাতুৰি - নাডুৰি থাকা ।

আবেলিৰ সময়বোৰ বৰ ভাল
য'ত নীৰৱ প্ৰকৃতিৰ মাজত
আমি দুয়ো 
বহি প্ৰেমৰ কথা পতা ।

ভাল লাগে তুমি আহিলে মোৰ কাষলৈ
তুমি আহিলে মোৰ হৃদয়ৰ স্পন্দন
বৰকৈ উৎফুল্লিত হৈ উঠে।

আবেলিৰ মৃদু বতাহ জাকে
দুয়োৰ মন মুহি পেলাই ,
দুয়োক লৈ যায় মুগ্ধ প্ৰেমৰ পৃথিৱীলৈ
য'ত দুয়ো আপোন পাহৰা হওঁ ।
তুমি অহা আবেলিৰ পৰবোৰ 
মোৰ বাবে এটি সুবাসী পখিলা 
অহাৰ ক্ষণ যেন অনুভৱ হয়।

তোমাৰ সৈতে আবেলি পৰত বহি 
নৈৰ পাৰৰ সুগন্ধি বুটলা 
সময়বোৰ বৰ ভাল লাগে।

আজি বহু দিন হ'ল 
তোমাৰ লগত আবেলি 
পৰত লগ নধৰা ।
 
আহিবাচোন আবেলি সময়ত 
মোৰ সৈতে কথা পাতিব ,
তোমাৰ সৈতে বৰকৈ
 কথা পাতিব মন গৈছে ।

আহিবা নে ? 
সেই নৈৰ পাৰত বহিবলৈ 
আবেলিৰ মৃদু বতাহ জাক ল'বলৈ ।

মই জানো তুমি আহিবা 
আবেলিৰ এজাক প্ৰেমৰ বৰষুণ হৈ 
মোৰ হৃদয়ৰ স্পন্দনত ।

বাট চাই ৰʼম নৈৰ পাৰত 
তুমি অহা প্ৰতি পল
হৃদয়ৰ দুৱাৰ খুলি ৰাখিম 
তুমি অহাৰ বাবে (!)

এতিয়া যে তুমি অহাৰ সময়
শৰতৰ শেহতীয়া বৰষুণ জাকত
 তুমি আহিবা বুলি বাট চাই আছোঁ।

আহিবা শৰতৰ সন্ধিয়াৰ 
শেৱালি ফুলা ক্ষণত
নিয়ৰ সিক্ত দুবৰিৰ দলিচাত ,
তাতেই লগ হ'ম দুয়ো 
পাতিম প্ৰেমৰ কথা ।

◾মিন্টু গোৱলা
লখিমপুৰ, কদম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)