নিৰ্মম প্ৰহাৰ - সীতা দেৱী

0
তোমাৰ নিৰ্মম প্ৰহাৰত,
মোৰ বুকুখন চিৰাচিৰ হ'ল।
শুকান ফাগুনৰ দৰে,
সিক্ত হৃদয় ৰিক্ত হ'ল।
উদং আঘোণৰ পথাৰখনৰ দৰে,
মন উৰুঙা হ'ল।
অমানিশাৰ কলিয়া ডাৱৰৰ দৰে,
জীৱন তমসাচন্ন হ'ল।
আৰু মই বিচাৰি নোপোৱা হ'লো,
আশাৰ মালাধাৰি, প্ৰাপ্তিৰ দস্তাবেজ।
মধুৰ স্মৃতিৰে ভৰা সম্ভাৰ পোখা মেলি,
শুকাই যোৱা সপোনৰ দৰে হ'ল।
বিনন্দীয়া সেউজীয়া জীপালময় অনুভৱবোৰ,
বালিঘৰৰ দৰে বিষাদৰ ক্ষণ হৈ হ'ল।
তোমাৰ নিষ্ঠুৰ আস্ফালনত ,
মোৰ জীৱনৰ অস্তিত্ব নোহোৱা হ'ল।
তোমাৰ নিৰ্মম প্ৰহাৰত,
মোৰ জীৱন আজি সঁচাকৈয়ে মৰুভূমি সদৃশ হ'ল।

✍️সীতা দেৱী, বিহপুৰীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)