মাকৰ অৱদান - হাইছ উদ্দিন আহমেদ

©Admin
0
ল'ৰাটোৱে গোটেই দিনটো কাম কৰাৰ বাবদ তাৰ মাকৰ ওচৰলৈ গৈ এখন বিল জমা দিলে...

মাকে ল'ৰটোৱে দিয়া কাগজৰ টুকুৰাটো পঢ়িলে

ল'ৰাই লিখিছে :
১. পুৱা-গধূলি গছত পানী দিয়া বাবদ ১০ টকা
২. দোকানৰ পৰা ইটো-সিটো বজাৰ কৰা বাবদ ১৫ টকা
৩. সৰু ভাইটোক গোটেই দিনটো কোলাত ৰখা বাবদ ৪০ টকা
৪. ডাষ্টবিনত ময়লা পেলোৱা বাবদ ২০টকা
৫. পৰীক্ষাত ভাল ৰিজাল্ট কৰা বাবদ ৫০টকা
৬. ৰাতি বিছনাত আঠোৱা লগোৱা বাবদ ৫ টকা

.মুঠ ১৪০ টকা !!

মাকে বিলখন পঢ়ি 
মিচকিয়াই হাঁহিলে 

তাৰ পাছত তেওঁ আঠ বছৰীয়া সন্তানটোৰ মুখলৈ বহুত সময় চাই আছিল । মাকৰ চকুত চকুলো বৈ আহিছিল । তাৰ পাছত মাকে ল'ৰাটোৱে দিয়া কাগজ টুকুৰাৰ তলত লিখিবলৈ আৰম্ভ কৰিছিল -

 ১. তোমাক ১০ মাহ পেটত ৰাখিলোঁ এটকাও লোৱা নাই।
২. তোমাক দুগ্ধপান কৰালোঁ 
এটকাও লোৱা নাই।
৩. তোমাৰ বাবে ৰাতিৰ পিছত ৰাতি উজাগৰে থাকিলোঁ
এটকাও লোৱা নাই।
৪. তোমাৰ অসুখ-বিসুখত তোমাৰ বাবে দোৱা-প্ৰাৰ্থনা কৰা , সেৱা আগবঢ়োৱাত
এটকাও লোৱা নাই।

৫.ডাক্তৰৰ ওচৰলৈ লৈ যোৱা , তোমাৰ বাবে চকুৰ পানী টোকা - এটকাও লোৱা নাই।
৬. তোমাক গা-ধুৱাই পৰিষ্কাৰ কৰা-এটকাও লোৱা নাই।
৭. তোমাক গল্প,গান, কাহিনী শুনোৱা-এটকাও লোৱা নাই।
৮. তোমাৰ বাবে খেলনা, কাপোৰ কত কি কিনিলোঁ-
এটকাও লোৱা নাই।
৯. তোমাৰ কেঁথা ধোৱা, শুকুৱা, সলাই দিয়া -
এটকাও লোৱা নাই।
১০. তোমাক লিখা-পঢ়া শিকোৱা-এটকাও লোৱা নাই।
১১. আৰু তোমাক মোতকৈ বেছি ভালপোৱা,অত বছৰ মৰমেৰে যতন লোৱা-এটকাও লোৱা নাই...

হঠাতে সন্তানে মাকৰ হাতৰ পৰা কাগজৰ টুকুৰাটো কাঢ়ি লৈ মাকে লিখাখিনিৰ তলত লিখি দিলে ।

ল'ৰা - মই এই বিল জীৱন দিলেও পৰিশোধ কৰা সম্ভৱ নহয়।


বিঃদ্ৰঃ - বাংলা ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰা হৈছে ।

অনুবাদক:-হাইছ উদ্দিন আহমেদ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)