অতীতৰ ভৱনা-এহিয়া আহমেদ

©Admin
1
হেৰা,আজি কিয় আকৌ
নতুনকৈ আহিলা
স্মৃতিৰ প্ৰদীপ কিয় আকৌ
হৃদয়ত জলাই দিলা। 

মনত পৰি যায় কত যে কথা মনত পৰি যায় স্মৃতি।
মনত পৰি যায় কত আড্ডা
মনত পৰি যায় কত প্ৰীতি।

সময়ৰ সোঁতত হেৰুৱালো কত
সৰু সৰু সাধনা।
হেৰাই গ'ল জীৱনৰ পৰা
কত আনন্দ বিষাদ বেদনা।

কত যে সময় পাৰ কৰি আহিলো
নামানে সময়ৰ গতি
হৃদয়ৰ মাজত ৰৈ গ'ল
মাথো অবিৰাম অনুভূতি।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment