এই মৌনতাৰ অৱসান হওক- অনিৰ্বাণ দত্ত

©Admin
0
    বহুসময়ত মৌনতা ভাল ৷ দুষ্টৰ লগত সন্তই বিতণ্ডাত লিপ্ত নহয় ৷ মৌনতাত শান্তি আছে আৰু ডাঙৰ কথাটো হ’ল হায়-হুলস্থুলতকৈ মৌনতাৰ শক্তিও অধিক ৷ মৌন হৈ থাকি আমি আত্মসমালোচনা কৰিব পাৰোঁ ৷ জীৱন পথত জটিল বিপদৰ সন্মুখীন হ’লে পণ্ডিতসকল উত্তেজিত নহয় বৰং মৌন হৈ পৰে ৷ তেওঁলোকে বিশ্বাস কৰে উচিত অনুচিত্যৰ সুবিচাৰবোধ উদয় হ’বলৈ মূৰটো ঠাণ্ডা হৈ থাকিব লাগে ৷ যিকোনো হেঁচা, উৎকণ্ঠা আৰু আৱেগৰ পৰা মগজুটোক ৰেহাই দি ৰাখিলে ইয়াৰ বিচাৰ ক্ষমতা বৃদ্ধি পাই আৰু উপযুক্ত পথ এটা ই নিৰ্দেশ কৰিব পাৰে ৷ মহামানৱ মহাত্মা গান্ধীয়ে স্বাধীনতা আন্দোলনৰ ভৰপক কালত দেশৰ ইমূৰৰ পৰা সিমূৰলৈ ঘুৰি ফুৰিছিল৷ তথাপি প্ৰতি দিনেই এঘণ্টাৰ মৌনব্ৰত পালন কৰি ধ্যানত বহিছিল ৷ সপ্তাহত এটা দিন কাৰো লগত কথা নাপাতিছিল, কাকো দৰ্শন দিয়া নাছিল ৷ আনকি, কিছুমান অস্থিৰ আৰু অতি সংবেদনশীল বিষয়ত সিদ্ধান্ত ল’ব লগা হ’লে তেখেতে প্ৰস্থৰ মূৰ্তিৰ দৰে ঘন্টাৰ পিছত ঘণ্টা স্থবিৰ হৈ ৰৈ গৈছিল ৷ এই মৌনতাৰ সময়বোৰত তেওঁ নিজৰ ভিতৰৰ মানুহটো(বিবেক)ৰ লগত কথা পাতিছিল, কৰি যোৱা কাম আৰু কৈ যোৱা কথাবোৰৰ শুদ্ধাশুদ্ধ বিচাৰ-বিশ্লেষণ কৰিছিল আৰু কালিলৈ কৰিব লগা কাম সম্পৰ্কে বিতং চিন্তা ভাৱনা কৰি প্ৰস্তুত হৈছিল ৷ অৰ্থাৎ মৌনতাৰ মাজেৰে সত্যৰ অনুসন্ধান কৰি সত্য নিৰ্দেশিত পথেৰে গতি কৰিছিল গান্ধীজীয়ে ৷ আচৰিত এয়ে যে, ভাৰত যুদ্ধত স্বয়ং কৃষ্ণইও হিতাহিতজ্ঞান হেৰুৱাই এবাৰ ভীষ্মৰ বিৰুদ্ধে ৰথৰ চকা দাঙি লৈছিল অথচ, সুদীৰ্ঘ সংগ্ৰামী জীৱন কালত গান্ধীয়ে কোনো দিন হিতাহিতজ্ঞান হেৰুৱাই ভুল আচৰণ এটা প্ৰদৰ্শন কৰা নাছিল ৷ 
          গান্ধীজীৰ মৌনতা ভাল ৷ কিন্তু দুৰ্মদ দুৰ্যোধনৰ নিৰ্লজ্জ নিৰ্দেশত উন্মত্ত দুঃশাসনে হস্তিনাপুৰৰ ৰাজঅন্তেষপুৰৰ পৰা চুলিত ধৰি চোঁচৰাই অনা পাণ্ডৱপত্নী ৰজস্বলা দৌপদ্ৰীৰ গাৰ বস্ত্ৰ ৰাজসভাৰ মাজত টানি-আঁজুৰি খহাই দিয়া দেখিও নীৰৱ নিস্তব্ধ হৈ থকা ভীষ্ম , দ্ৰোণাদি বিদগ্ধ পণ্ডিত আৰু মহাবীৰ সকলৰ মৌনতাক কেতিয়াও ভাল বুলি ক’ব নোৱাৰি ৷ কৌৰৱৰ চাউলেৰে প্ৰতিপালিত হোৱাৰ বাবেই কুৰু পুত্ৰগণৰ দুষ্কৰ্মৰ কোনো প্ৰতিবাদ যেন তেওঁলোকে নকৰিলে ! উপযুক্ত সময়ত হিংসা, বিদ্বেষ, নিৰ্যাতন, অন্যায়, অধৰ্ম আৰু অপশাসনৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিব নোৱাৰাৰ বাবেই এদিন দেশ মহাযুদ্ধৰ কবলত পৰিছিল ৷ অথলে গৈছিল তেওঁলোকৰ শক্তি সামৰ্থ আৰু সকলো সদনাম ৷ খহি পৰিছিল হস্তিনাপুৰ আৰু কুৰু কুলৰ অহংকাৰৰ প্ৰতিটো সৌধ ৷
         সমাজৰ স্তম্ভ স্বৰূপ আৰু বিৰল সন্মান আস্থা বিশ্বাসৰ পাত্ৰ গুণী-জ্ঞানী পণ্ডিত সকলেই যিদিনা সত্য আৰু ন্যায়ৰ সপক্ষে কথা ক’বলৈ ইতস্ততঃ কৰিব তেনে সেইদিনাই জানিব সমাজত ধৰ্মতকৈ অধৰ্মৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হ’ল ৷ হয় পণ্ডিত মণ্ডলীৰ মতিভ্ৰম হৈছে নহয় ৰজা চৈৰাচাৰী হৈছে ৷ এই দুয়োটাৰ ভিতৰত যিটোৱেই নহওক, দেশৰ সৰ্বসাধাৰণ দুৰ্বল জনতাৰ সৰল জীৱনলৈ যে দুৰ্যোগৰ ধুমুহা নামিছে ই তাকেই প্ৰতিপন্ন কৰে৷ এতিয়া আহো আচল কথালৈ— আজি আমাৰ ৰাজ্যখনৰ সৰ্বসাধাৰণ জনতাৰ সপক্ষে বা ৰাজ্যখনৰ বৃহত্তৰ স্বাৰ্থৰ সপক্ষে উৰ্ধবাহুৱে কথা কোৱা সমাজৰ আগশাৰীৰ বিদ্বান আৰু দিগদৰ্শী পণ্ডিতৰ সংখ্যা একেবাৰে হ্ৰাস হৈ পৰিল ৷ বিগত সময়বোৰত দেখা গৈছে ৰাজ্যৰ বিখ্যাত পণ্ডিতসকলেই দুটা শিবিৰত যেন বিভক্ত হৈ জাতীয় সমস্যাবোৰৰ ওপৰত মতামত দিবলৈ আৰম্ভ কৰিছে ৷ ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত হৈ নিৰপেক্ষভাবে ৰাজ্যৰ বৃহত্তৰ স্বাৰ্থত কথা কৈ যোৱা জনতাৰ বন্ধু বিদ্বৎ মহলৰ দ্বাৰা গঠিত কোনো উমৈহতীয়া মঞ্চ আমাৰ ৰাজ্যত নাই ৷ প্ৰতিবেশী ৰাজ্য নাগালেণ্ডত আছে 'নাগা মাডাৰছ এচ'চিয়েচন' আৰু 'নাগা হো হো' —যি নগা জাতীয়-জীৱনৰ থিংকটেংক সদৃশ হৈ জাতিৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে৷ যি নহওক, সাধাৰণ ৰাইজে স্থানীয় স্তৰত বিদ্বান লোক বুলি সন্মান দিয়া আৰু দিহা পৰামৰ্শ আশা কৰা লোক সকলৰ ভূমিকাৰ কথাও এই আলোচনাত কিছু অৱলোকন কৰা উচিত হ’ব ৷ গাঁৱলীয়া ৰাইজে নিজৰ অঞ্চলৰ বিশেষকৈ শিক্ষক আৰু অধ্যাপকসকলকে বিদ্বান লোক বুলি ভবা কথাটো সন্দেহাতীত ভাবে সত্য ৷ অঞ্চলত আন আন চৰকাৰী বিভাগত কাম কৰা চিকিৎসক অভিযন্তা বেংক কৰ্মচাৰী (এই সকল সাধাৰণতে গাঁও এৰি চহৰমূখী হয়েই) আদি দুই এজন থাকিলেও এওঁলোকতকৈ শিক্ষক-অধ্যাপকৰ প্ৰতি ৰাইজৰ আস্থা, বিশ্বাস অলপ হ’লেও বেছি ৷ ইয়াৰ কাৰণ, শিক্ষক , অধ্যাপকসকলৰ লগত চামে চামে উঠি অহা প্ৰজন্মৰ ওচৰ সম্পৰ্ক থকাটো ৷ প্ৰায় অধিক সংখ্যক শিক্ষক,অধ্যাপকে ঘৰৰ ওচৰৰ শিক্ষানুষ্ঠানতে শিক্ষকতা বা অধ্যাপনা কৰে আৰু অঞ্চলৰ অধিক সংখ্যক মানুহেই তেওঁলোকৰ ছাত্ৰ বা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী ৷ স্থানীয় ৰাইজে শিক্ষক , অধ্যাপকসকলৰ পৰা সদায়েই এক আদৰ্শ ব্যক্তিৰ আচৰণ আৰু সামাজিক নেতৃত্ব আশা কৰে ৷ ৰাইজৰ মানত শিক্ষক অধ্যাপক সকলেই স্থানীয় সমাজৰ নিৰ্ভৰযোগ্য বুদ্ধিজীৱী ৷ কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে দুই-এক ব্যতিক্ৰমৰ বাদে আজিৰ গ্ৰাম্য সমাজবোৰত স্থানীয় শিক্ষক সকলে ৰাইজৰ তেনে আশা পূৰণ কৰিব পৰা নাই ৷ ফলশ্ৰুতিত, গ্ৰাম্য সমাজখন বহু দিশত গুৰিবঠাহীন নাৱৰ দৰে হৈ পৰিছে ৷ অন্ধবিশ্বাস, কু-সংস্কাৰ, জাতপাতৰ ভেদভাৱ, জাতি জনগোষ্ঠীৰ মাজত অবিশ্বাস, নিচা জাতীয় দ্ৰব্যৰ প্ৰচলন আৰু বিচ্ছিন্নতাবোধে সমাজত বৰকৈ প্ৰভাৱ বিস্তাৰ কৰিছে ৷ শিক্ষক সকলে মৌনতা আৰু নিৰ্লিপ্ততা এৰি পূৰ্বৰ দৰে সামাজিক অভিভাৱকত্বৰ দায়িত্ব ল’বলৈ ওলাই আহিব লাগে ৷ শিক্ষক সকলে আন স্থানীয় সংস্থা সংগঠন সমূহৰ লগত লগ হৈ সংস্কাৰমূলক কৰ্মত উঠিপৰি নালাগিলে অসমীয়া গ্ৰাম্য সমাজখন একেবাৰে ধ্বংস হৈ পৰিব ৷ একে পৰিস্থিতি চহৰবোৰতো ৷ চহৰ নিবাসী শিক্ষক অধ্যাপকৰ সংখ্যাও কম নহয় যদিও চহৰীয়া সংস্কৃতি কিছু পৃথক আৰু জনগঠন সংমিশ্ৰিত ৷ চহৰত কোনে কাক চিনে বা কোনে কাক পোছে ! পুঁজিপতি ব্যৱসায়ী, ৰাজনৈতিক নেতা পালি নেতা, আমোলা বিষয়াৰ দপদপনি চহৰত বেছি ৷ জনঅৰণ্য স্বৰূপ নগৰ চহৰবোৰত চোৰ ডকাইত প্ৰবঞ্চক অপৰাধীৰ সংখ্যাও বেছি ৷ হায়-হুলস্থুলেৰে ভৰা, মাজনিশালৈকে কৰ্মব্যস্ত, কলকাৰখানা ব্যৱসায়িক প্ৰতিষ্ঠান, যান বাহনেৰে ভৰপূৰ, পকী বাটপথ আৰু ওখ ওখ অট্টালিকাৰে পূৰ নগৰ চহৰবোৰত বাস কৰা মানুহবোৰৰ দেশৰ কথা বা দহৰ কথা ভাবিবলৈ আহৰি নাপায় ৷ যিবোৰ বিষয়ে অৰ্থ লাভত সহায় নকৰে সেই বোৰ বিষয়ৰ পৰা চহৰীয়া লোকসকল সততে আঁতৰি থাকে৷ গ্ৰাম্য সমাজৰ তুলনাত চহৰীয়া মানুহৰ সমস্যা কম সুবিধাবোৰ বেছি ৷ বহু চহৰীয়া লোকে গোটেই ৰাজ্যখনৰ অৱস্থা তেওঁলোকৰ চহৰখনৰ দৰেই সুচল আৰু সহজসাধ্য বুলি সৰলকৈ ভাবি লয় ৷ গতিকে, দেশ আৰু জাতীয় সমস্যাবোৰত চহৰবাসীৰ কণ্ঠ বৰ সবল নহয় ৷ একেদৰে শ্ৰেণী হিচাপে যিকোনো জাতীয় সমস্যাত ৰাজ্যৰ বিত্তশালী মানুহবোৰৰ প্ৰতিবাদী কণ্ঠৰ তুলনাত নিম্ন মধ্যবিত্ত বা দৰিদ্ৰ মানুহবোৰৰ কণ্ঠৰ তীব্ৰতা অধিক কিন্তু অনুপযুক্ত নেতৃত্বৰ বাবে বাৰে বাৰে দৰিদ্ৰ মানুহবোৰ লক্ষ্য স্থানত উপনীত হ’বগৈ নোৱাৰে ৷ আনহাতে, ৰাজ্যবাসীৰ জাতীয় স্বাৰ্থত থলুৱা মানুহবোৰৰ তুলনাত বহিৰাগত সম্প্ৰদায়ৰ প্ৰতিবাদী কণ্ঠ একেবাৰে শূন্য বুলিলেও ভুল নহয় ৷ দৃষ্টান্তমূলক কথা এয়েহে যে, গাঁৱবোৰৰ পৰা গৈ চহৰত বাহৰ পাতি থকা মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, সাংবাদিক, বুদ্ধিজীৱী, প্ৰাক্তন আমোলা, অধ্যাপক অধ্যাপিকা আৰু লেখক সাহিত্যিক, দল সংগঠনৰ নেতা সকলৰ এক বৃহৎ অংশই ৰাইজৰ স্বাৰ্থত সততে গণমাধ্যমবোৰত সৰব হৈ থাকে ৷ এই সকলৰ বদান্যতাতে কাকত আলোচনী আৰু টিভি চেনেলবোৰ চলি থাকে ৷ এওঁলোকৰ সীমাবদ্ধতা এয়ে য়ে, গণমাধ্যমবোৰৰ দ্বাৰা দিহা পৰামৰ্শ দি ৰাইজক সজাগ সচেতন কৰি থকাৰ বাদে প্ৰদত্ত সূত্ৰ সমূহক কাৰ্য্য ৰূপায়ন স্তৰলৈ আগবঢ়াই নিবলৈ এওঁলোকে নিজে নাৱৰ গুৰিবঠা ধৰিবলৈ ৰণক্ষেত্ৰলৈ ওলাই নাহে বা আহিব নোৱাৰে ৷ সততে, জাতীয় স্বাৰ্থবোৰত অতন্দ্ৰ প্ৰহৰীৰ দৰে মাত মাতি অহা তথা নিজকে অৰাজনৈতিক সংগঠন বুলি দাবী কৰা আছু, এ জে ৱাই চি পিৰ দৰে সংগঠনবোৰৰ নেতা সকলৰ উদ্দাত্ত কণ্ঠ সম্প্ৰতি পাঁচ দহটা বছৰত একেবাৰে নিষ্প্ৰভ হৈ পৰিল ৷ সাহিত্য সভা, শংকৰদেৱ সংঘ, সত্ৰ মহাসংঘৰ দৰে সংস্থাবোৰৰ অস্তিত্ব তেওঁলোকৰ বছৰেকীয়া অধিবেশনবোৰতে আবদ্ধ হৈ ৰ’ল ৷ ৰাজ্যত কৰ্মৰত হাজাৰ হাজাৰ শিক্ষক , অধ্যাপক , আমোলা বিষয়াই নীৰৱে চাকৰি কৰি আছে ৷ একেদৰে প্ৰতিষ্ঠিত কবি , সাহিত্যিক , শিল্পী , সংগঠক , লেখক , প্ৰকাশক , নাট্যকাৰ , উদ্ভাৱক সকলোৱে নিজৰ নিজৰ পৰিক্ষেত্ৰত তলমূৰকৈ ব্যস্ত হৈ আছে ৷ ৰাজ্যৰ বিৰোধী দল আৰু দলৰ নেতা নেতৃ সকলেও নিজৰ দলৰ স্বাৰ্থত কিছুমান নিৰ্বাচিত ইচ্যুত চিঞৰ বাখৰ কৰাৰ বাদে আন সময়ত চুপ হৈ ৰৈছে ৷ দল মত নিৰ্বিশেষে ৰাজ্যৰ কেইবালাখ হিতাধিকাৰীয়ে নিয়মীয়াকৈ বিভিন্ন আঁচনিৰ সহায় সাহাৰ্য লাভ কৰি 'নাই মোমাইতকৈ কণা মোমায়েই ভাল' বুলি জীৱন নিৰ্বাহ কৰি আছে ৷ চৌদিশে বিৰাজ কৰা এনে এটা নীৰৱ নিস্তব্ধ পৰিবেশত বৰ্তমান অসমৰ পৰিস্থিতি শান্তিপূৰ্ণ বুলি চৰকাৰী পক্ষই দাবী কৰা কথাটোত অলপো ভুল নাই ৷ শাসকীয় পক্ষই দাবী কৰাৰ দৰেই সঁচাকৈয়ে এতিয়া ৰাজ্যত বৃহৎ আন্দোলন ধৰ্ণা ধৰ্মঘট কৰাৰ পৰিবেশ নাই ৷ পূৰ্বৰ দৰে আন্দোলনবোৰ হৈ উঠিবলৈ চৰকাৰে আৰু সুযোগ নিদিয়ে ৷ অতি কৌশলেৰে আন্দোলনকাৰী জনতাক নেতা সকলৰ প্ৰভাৱৰ পৰা আঁতৰাই পঠিয়ালে আৰু প্ৰতিদ্বন্দ্বী নেতাসকলক নিজৰ প্ৰভাৱৰ আয়ত্তলৈ চৰকাৰে লৈ আনিলে ৷ চৰকাৰখনে য’ত যি ধৰণৰ ভেটা বান্ধিব লাগে সকলোবোৰ বান্ধি শেষ কৰিল ৷ সেয়ে আজি চাৰিওপিনে এক মৌনতাৰ পৰিবেশ ৷ 
        উপসংহাৰ— নামনি সোৱণশিৰি বান্ধত তীব্ৰ খহনীয়া আৰু অতিৰিক্ত পানীৰ হেঁচাই এফালৰ পৰা গাইড বান্ধবোৰ খহাই দি ৰাষ্ট্ৰীয় দল আৰু চৰকাৰবোৰৰ দাম্ভিকতাক ভেঙুচালি কৰিছে, ছেমখৰ নামৰ চলচ্চিত্ৰ এখনে অসমীয়া জাতিৰ বুকুৰ এটুকুৰা মঙহ স্বৰূপ ভূমিপুত্ৰ ডিমাছা সকলৰ সংস্কৃতিক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগত তেওঁলোকে সম্প্ৰতি তীব্ৰ বিক্ষোভ প্ৰদৰ্শন কৰি আছে, চীনদেশে ব্ৰহ্মপুত্ৰৰ উৎসৰ ফালে তিব্বতত নটাকৈ বৃহৎ নদী বান্ধ নিৰ্মান সম্পূৰ্ণ কৰিছে, ৰাজ্য চৰকাৰৰ মূৰত ঋণৰ বোজা আৰু জনতাৰ মূৰত কৰৰ বোজা ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি হৈয়ে আছে ৷ এইবোৰ কথা মূলসুঁতিৰ গন-মাধ্যমবোৰত যি দৰে চৰ্চা হ’ব লাগিছিল হোৱা নাই ৷ মূল্যবৃদ্ধি, কেলেংকাৰী, এনআৰচি, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, বান খহনীয়াৰ সমস্যা সমাধান, অসমচুক্তি ৰূপায়ণ, ছয় নং দফা, কা’ বিৰোধিতা, আলফাৰে আলোচনা বা উচ্ছেদিত তথাকথিত বাংলাদেশীবোৰৰ কথা পুনঃ পুনঃ উল্লেখ কৰাটো সম্প্ৰতি অপ্ৰাসঙ্গিক ৷ ক্ৰমে প্ৰাসংগিক হৈ উঠিছে জিলাই জিলাই শাসকীয় দলৰ কোটি টকীয়া কাৰ্যালয়বোৰৰ উদ্বোধন, সাংগঠনিক সভা সমিতি, ৰাষ্ট্ৰীয় নেতাৰ আগমন, নতুন নতুন প্ৰতিশ্ৰুতি তথা আগন্তুক ২০২৪ ত হ’ব লগা লোকসভা আৰু ২০২৩ ত হ’ব লগা পঞ্চায়ত নিৰ্বাচনৰ বিষয় আৰু বতৰাবোৰহে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)