মকৰা-ৰজনী কুমাৰ ডেকা

©Admin
2
নিসংগতাৰে চিকাৰ সাজো
দৈহিক এঠাৰে নিশা জাল গুঠো , 
এন্ধাৰত সাহস পোৱা 
বিৰল প্ৰতিভাৰে । 
কোনে কয় 
এন্ধাৰ শক্তি অপ্ৰতিভাশালি ? 
চেষ্টা মোৰ ওপৰলৈ 
যদিও সৰো পৰে তললৈ , 
ওৰ নপৰা মোৰ মনৰ স্থিতি । 
অস্ত্ৰহীন অসীমত ধৈৰ্য্যই
মোৰ প্ৰতিক্ষণৰ চোকা অস্ত্ৰ। 
সংশয় মোৰ মনুষ্যলৈ 
পোহৰত ভগা মোৰ জালখনলৈ , 
উপমা মোৰ প্ৰাচীৰ প্ৰদৰ্শন
আলসুৱা সূতা মোৰ আলসুৱা মন 
ব্যৰ্থতাক নেওচি সফলতাত 
উপনীত হোৱা, 
প্ৰতি কৰ্মত মোৰ আৰ্হি লোৱা। 
ওপৰলৈ যোৱা যদিও সৰি পৰা 
তথাপি লক্ষ্যত উপনীত হোৱা। 

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment