শৰৎ মোৰ প্রিয়-মহীয়সী বড়া

Rinku Rajowar
0
সেয়া তুমি আছিলা
নীৰৱে সানি দিছিলা মোক এগাল জোনাক
সেই জোনাকে সিঁচি দিলে হৃদয়ত এসোপা ভালপোৱা তোমাৰ নামত
আৰু সেই নীৰৱতাৰ সাক্ষী আছিল একমাত্ৰ শৰত
শৰতৰ সেই জোনাক 
এতিয়াও আকৌ আহিছে
কাণে কাণে গুণাগুণাইছে আৰু পুনৰবাৰ 
সোৱঁৰাই দিছে , 
 সেই ক্ষণ আমাৰ নীৰৱ নিশাৰ
সেয়ে
শৰৎ মোৰ প্রিয় ।
 
✍🏻মহীয়সী বড়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)