অনুভৱ-লক্ষ্য জিত চহৰীয়া

©Admin
0
আজিও কিয় 
হৃদয়ৰ পৰা মচিব পৰা নাই
তোমাৰ ছবি....
অৱচেতন মনত বিস্তাৰিত মলিন স্মৃতিবোৰ
আজি কিয় আহি সপোনত সাৰ পাই ?
পাহৰিব খোজা বিষবোৰ
আকৌ উক্ দি 
কিয় অস্থিৰতা কঢ়িয়াই আনি
বর্তমানত খলকনি তোলে ?

কাৰোবাৰ ভালপাবলৈ ধৰা 
অনুভৱ খিনিৰ দৰে ধুনীয়া আৰু
জীৱনত দ্বিতীয় একো নাথাকে ,
সেই অনুভৱবোৰক
অতীতৰ ভুল বুলিব লগা হ'লে
কষ্ট হয় ভিতৰছোৱাত 
ক'ব নোৱাৰাকৈ ।


 ‌‌            ✍️লক্ষ্য জিত চহৰীয়া    
                মৰিগাঁও, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)