শীতৰ বাতৰি-বিকাশ দাস

©Admin
0
টোপা টোপে সৰা নিয়ৰৰ পানীয়ে
     আনিলে শীতৰ বাতৰি ,
 আকৌ আহিলে ঠাণ্ডাৰ দিন
     লগত আনিলে আনন্দৰ পাপৰি ।

নিয়ৰৰ শব্দ টোপ টোপা টোপ
    প্ৰকৃতিৰ মনোমোহা স্বৰধ্বনি ,
 আনন্দৰে সুমধুৰ গীত জুৰে
      বিলাই সকলোতে মধুবাণী  ।

সকলো জীৱই শীতৰ দিনত 
         উম লয় সূৰ্যৰ  ,
শীতত কম্পমান পোক-পৰুৱাইও 
     সূৰ্যৰ উত্তাপত গৰম কৰে শৰীৰ  ।


শীতে আনিলে জাক-জমকতা
     মন নাথাকে সুস্থিৰ ,
মাঘ মাহত ভোগালী বিহু
    সীমাহীন আনন্দৰ তীৰ  । 

 
পিঠা , চিৰা, সান্দহ, চুঙা পিঠা
     তিলপিঠা আৰু নাৰিকলৰ লাৰু ,
আহা ভাই, অহা ককাই ‌, আহা বাই
     পাতো মিলিজুলি এইবেলি বিহু ।   


শীতৰ সময়ত আনন্দৰে ভৰপূৰ 
     বিভিন্ন ঠাইৰ বনভোজথলী ,
ব্যস্ততাৰ মাজত সময় উলিয়াই 
    আহা আনন্দত দিওঁ এপাক নাচি ।


ককা-আইতাসকলে বান্ধি থৈ যোৱা 
     অসমৰ সুন্দৰ সংস্কৃতি ,
আহা জীয়াই ৰাখো সকলোৱে
    বিশ্বদৰবাৰত চিনাকি কৰি । 
     
বাপতিসাহোন তিনিটি বিহু 
    তাৰে এটা হৈছে ভোগালী ,
শীতকালে আনিছে কঢ়িয়াই
     মাঘৰ সুকীয়া বাতৰি  ।

 নাচি উঠিব মন-প্ৰাণ 
     আনন্দৰে উপভোগ কৰা বিহুটি ,
  সবে একেলগে মিলিজুলি  ।।


                   ----লিখক
                     বিকাশ দাস
                       বৰপেটা
                  জয় আই অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)