আপুনি ক'ত আছে ময়ো নাজানো-অনিৰ্বাণ দত্ত

©Admin
0
মই ক’ত ৰৈ আছোঁ নাজানো
মই কাৰ বাবে ৰৈ আছোঁ নাজানো
মই কি কাৰণে ৰৈ আছোঁ নাজানো
মই কি পাবলৈ বা কি দিবলৈ ৰৈ আছোঁ
তাকো নাজানো ৷

মই কেনেকৈ আছোঁ 
আপুনি দেখা নাই
মই কি ভাবি আছোঁ 
আপুনি বুজা নাই
মই বুকুত কিমান গধুৰ বোজা লৈ
কিমান গভীৰতাত ডুবি পৰিছোঁ আপুনি
তাকো জনা নাই ৷

আপোনাৰ পৰা মোৰ দূৰত্ব কিমান
বা মোৰ পৰা আপোনাৰ..
মই নাজানো ৷
আপুনিও নাজানে 
জনাৰ পথবোৰ আমি দুয়োজনেই বন্ধ কৰি পেলাইছো ৷

আমি এই জন অৰণ্যৰ বিচ্ছিন্ন প্ৰাণী
ঘূৰ্মুটিয়াই ফুৰিছোঁ 
খুন্দা-খুন্দলি খাই উফৰি পৰিছোঁ বা
জোঁটপোট লাগি বান্ধ খাই পৰিছোঁ ৷
পোহৰ আৰু বতাহৰ বাটবোৰ বন্ধ কৰি দি 
অন্ধকাৰ অটল গহ্বৰত 
কিৰিলি পাৰি নাচিছোঁ ৷

আৰু নাচি আছোঁ ৷

✍🏻অনিৰ্বাণ দত্ত ৷
হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)