মৰুভূমি - দিপ্‌লু শৰ্মা

©Admin
0
শুকান বালিচৰত 
বেলিৰ উত্তাপ
এক সংঘৰ্ষময় জীবনৰ বৃত্তান্ত । 
মৰুভূমিৰ বালিচৰত  
লঠঙা গছৰ ডালত 
সাজিছে এটি চৰায়ে বাহ ।
   
তৃষ্ণাত ব্যকুল হৈ পৰা   
চৰাই এজাক ,
অপেক্ষা এটোপি পানীৰ । 
  
তপ্ত বালিৰ মাজত
সৰু নদ সদৃশ ,
যেন সপোনত দেখা সাগৰ অমৃত ।

পথচাৰীৰ পিঠিৰ বোজা
এটি উটে কঢ়িয়াই ,

তপত বালিৰ চিকমিকনিত ,
দেহ পুৰি যায় ।

বনিয়াই বেপাৰলৈ বুলি
জীৱন সংগ্ৰাম কৰি ,
  
এটোপি পানীৰ বাবে
হাহাকাৰ কৰে।  
তথাপিও জীৱন যুদ্ধত 
জয়ী হয় হাঁহি-হাঁহি ।                             
শুকান মৰুভূমিত 
বালিৰ চিকমিকনি।

এচাটি গৰম বতাহে
চুই যোৱা দেহাটি ,
মৰুভূমিত তপত বালিৰ চিকমিকনিত ,  
জীৱন সংগ্ৰাম কৰি যায় হাঁহি-হাঁহি ।

✍🏻শ্ৰী দিপ্‌লু শৰ্মা  
 গুৱাহাটী , বশিষ্ট ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)