এক আধৰুৱা প্ৰেমৰ নায়ক জন-মুন শৰ্মা

Rinku Rajowar
0
সময় তেতিয়া আবেলি। শীতৰ সোৱণশিৰীৰ পাৰত সেন্দুৰীয়া বেলিটো ডুব যাব ধৰা দৃশ্য বৰ নান্দনিক হৈ পৰিছে। যিটো   ৰাহুল বৰাৰ বৰ প্ৰিয় দৃশ্য। সময় পালেই চাবলৈ আহে সি ইয়াৰ ৰস পান কৰাৰ উদ্দেশ্য লৈ । কিন্তু আজি এই দৃশ্যই তাক অকণো আকৰ্ষণ কৰিব পৰা নাই। কিবা ভাবত বিভোৰ হৈ তল মূৰ কৰি সি মাত্ৰ নৈ পাৰৰ বালিখিনিতে বহি আছে ।
ভাবিছে আজি ৰাতিপুৱাটোৰ কথা। ইণ্টাৰনেট খুলি ফেচবুক খুঁচৰি ফুৰোতে হঠাৎ সেই ভেলেণ্টাইন দে'ৰ কথা লিখা পোষ্টবোৰ সি দেখিছিল। দেখাৰ লগে লগে খন্তেকলৈ তাৰ বুকুখন কঁপি উঠিছিল। দুচকুৰে যে দুটোপাল চকুলো নিগৰি আহিছিল। বহুতো পুৰণা স্মৃতিয়ে যে বাৰে বাৰে তাক আমনি কৰিছিল। বৰ কৈ যে মন গৈছিল তাৰ চিঞৰি চিঞৰি কান্দিবলৈ।
আচলতে ক'বলৈ গ'লে ৰাহুল বৰাৰ ভেলেণ্টাইন দে' আহিলেই চকুলো নিগৰে । আজি দুটি বছৰৰ আগৰ কথা। সেইদিনাও ভেলেণ্টাইন দে' আছিল।পুৱাতে ওলাই গৈছিল যৌৱনৰ বলিয়া বা লগা সুঠাম দেহৰ সুদর্শন যুৱক ৰাহুল বৰা বহু দিন ধৰি প্ৰেমৰ সম্পৰ্ক ধৰি ৰখা অৰুণীমা ভূঞাক লগ কৰাৰ বাবে তাইৰ কাষলৈ। কাৰণ যোৱা দুদিনৰ আগৰ পৰাই দুয়োৱে প্লেন কৰি থৈছিল প্ৰেমৰ দিৱসটো কেনেদৰে,ক'ত পালন কৰিব।
 সময়ত লগ পাইছিল দুয়োয়ে দুয়োকে। কৰি থোৱা প্লেনৰ  দৰেই সুন্দৰ ভাবে সময় বোৰ গুচি গ'ল।  প্ৰতিটো প্লেন  সফল। ক'ৰবাত বহি বহু সময় মনৰ কথাৰে দিনটো জীপাল কৰাৰ চেষ্টা কৰিছিল আকৌ ক'ৰবাত গীতৰ তালে তালে নৃত্য কৰিছিল।মুঠতে দিনটো  যিমান পাৰে উপভোগ্য আৰু চিৰযুগমীয়া কৰাৰ প্ৰচেষ্টা কৰিছিল। সময়বোৰ তেতিয়ালৈ ঠিকেই আছিল যেতিয়া পোহৰ গুচি আন্ধাৰ নামিলে আৰু সিহঁত ঘৰলৈ বুলি আগবঢ়াৰ সিদ্ধান্ত লৈছিল।
      তেতিয়ালৈ সকলো ঠিকেই আছিল। কিন্তু মানুহৰ জীৱনলৈ কাল সময় কাৰ,কেতিয়া,আহে কোনে জানে। সিহঁতিও নাজানিলে কালে যে সিহঁতলৈ অপেক্ষা কৰি আছে। হঠাৎ ৰাজপথত মুখামুখি সংঘৰ্ষ হ'ল ৰাহুল আৰু অৰুণীমা আহি থকা গাড়ীখনৰ লগত বিপৰীত ফালৰ এখন মালবাহী গাড়ীৰ। দুৰ্ঘটনা ইমানেই ডাঙৰ আছিল ৰাহুলহঁতৰ গাড়ী দুই ফলটিং মাৰি ৰাস্তাৰ কাষৰ ফুটপাথৰ কাষত চেদেলি-ভেদেলি হৈ পৰিছিল। গাড়ীৰ অৱস্থা নাই। গাড়ীৰ ভিতৰত ৰাহুল আৰু অৰুণীমা তেজেৰে লুতুৰি- পুতুৰি হৈ সংজ্ঞাহীন হৈ পৰিছিল। আশে-পাশে থকা মানুহে সিহঁতক কিবা উপায়েৰে উলিয়াই আনি এম্বুলেন্সৰ দ্বাৰা মেডিকেললৈ পঠিওৱাৰ ব্যৱস্থা কৰিছিল।বাকী সি ক'ব নোৱাৰে। কেইদিনমানৰ পাছত সি নিজক আৱিষ্কাৰ কৰিছিল মেডিকেলৰ বিচনাত। কাষত মাক-দেউতাক ,পৰিয়ালৰ লোক ,ডাক্তৰ , নাৰ্ছ আদি আছিল।তেওঁলোকক প্ৰথমে কিবা অচিনাকি চাৱনিৰে চাইছিল। শেষত মাকক 'মা' বুলি মাতিছিল। আৰু বহু চেষ্টাৰ অন্তত মাকক সাৱটি ধৰিছিল।
    কিছু সময়ৰ পাছত সকলো ওলাই গৈছিল আছিল মাত্ৰ এজনী নাৰ্ছ। তাইক ওচৰলৈ মাতিছিল আৰু সি সুধিছিল অৰুণীমাৰ কথা। নাৰ্ছ জনীয়ে প্ৰথমে ক'ব বিচৰা নাছিল কিন্তু সি জোৰ কৰি থকাৰ বাবে কৈ দিছিল।অৰুণীমা যোৱা দুদিনৰ আগত মৃত্যু হৈছে। তাই আৰু এই পৃথিৱীত নাই। শব্দ কেইটা তাৰ কাণত পৰা লগে লগে সি যেন এটা শিলামূৰ্তিলৈ ৰূপান্তৰ হৈ গৈছিল। একেথৰে বেৰৰ ফালে চাই আহিল আৰু চকুৰে নিগৰিছিল টোপ টোপ চকুলো। এটা পাগলৰ দৰে অদ্ভুত আচৰণ কৰাত নাৰ্ছ জনীয়ে ভয় খাইছিল। চিঞৰিছিল ডাক্তৰ, ডাক্তৰ। সকলো দৌৰি আহিছিল।মাক-দেউতাকে কি হৈছে তাক সাৱটি সুধিছিল সি একো উত্তৰ দিয়া নাছিল।
   কিছু সময়ৰ পাছত সি আমনি কৰিছিল অৰুণীমাৰ ঘৰলৈ লৈ যাবলৈ। কিন্তু ডাক্তৰে অনুমতি দিয়া নাছিল। সি পাগলৰ দৰে উৎপাত কৰিছিল কিন্তু দিয়া নহ'ল তাক মেডিকেল এৰি যাবলৈ।
  কিছু দিন পাৰ হ'ল। সম্পুৰ্ণ সুস্থ হোৱাৰ বাবে মেডিকেলৰ পৰা তাক বিদায় দিলে। মাক দেউতাকে লৈ আহিল ঘৰলৈ । বাটতে দেউতাকক অনুৰোধ কৰিলে অৰুণীমাৰ ঘৰলৈ লৈ যাবলৈ। দেউতাকে বাট সলনি কৰি লৈ গ'ল তাৰ প্ৰেমিকাৰ ঘৰলৈ। ঘৰ পাই দেখে নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে। কাৰো মুখত মাত নাই। সিও নিদিলে মাত কাকো।মাত্ৰ সোমাই গ'ল প্ৰেমিকাৰ ৰুমলৈ বুলি। ভিতৰ সোমাই চাৰিওফালে চালে এবাৰ। প্ৰকাশ কৰিব নোৱাৰা বিষাদৰ জালত বন্দী হ'ল। হঠাৎ চকু পৰিলে ৱালৰ এখন ফটোত। য'ত সি আৰু তাই  এটা মিঠা হাঁহিৰ সৈতে আছে।দেখিয়েই  দৌৰি গৈ ৱালৰ পৰা নমাই আনি বুকুৰ মাজত সাৱটি লৈ চিঞৰি চিঞৰি কান্দি দিলে সি আৰু ওপৰলৈ চাই কৈ দিলে এটি কথা অৰুণীমা আজিৰ পৰা মই এক আধৰুৱা প্ৰেমৰ নায়ক হ'লো।

✍️মুন শৰ্মা , লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)