মৃত্যু-সীমা ৰবিদাস

©Admin
0
যিদিনা মৰিম মই সিদিনা জগতৰ
একোৱেই তো নহয় হানি, 
তেন্তে কিহৰ মায়া মৰিচিকা
কিহৰ আশা, কিহৰ গ্লানি।। 
মোৰ মৃত্যুৱে জানো জগতৰ নিয়ম
কিঞ্চিতো পৰিৱৰ্তন কৰিব, 
বৰষাও সৰিব,বতাহো বলিব 
কিবা জানো থমকি ৰ'ব।। 
অকলশৰে আহি অকলশৰে যাম 
কিবা জানো লগত যাব, 
আপোন আপোন বোলা এই প্ৰিয় মানুহ বোৰ
তেতিয়াও জানো আপোন হৈ ৰ'ব।। 
মোৰ অবিহনে জগতৰ নিয়মবোৰ
কিঞ্চতো জানো সলনি হ'ব।। 
মই নাথাকিলেও তো সংসাৰৰ কামবোৰ 
একাদিক্ৰমে চলি থাকিব, 
আকৌ আহিব এক নবীন কবি 
আকৌ ৰচিব এটি নবীন কবিতা, 
মই নহয় কিন্তু অন্য কোনোবাই 
হয়তো এৰি যাব এটি স্মৃতিৰ বজিতা।। 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)