এজাৰ-জুৰণি প্ৰিয়া বৰা

©Admin
0
এমুঠি ক'লা আৰু এমুঠি বগা
দুহাতত ল'লোঁ। 
সিঁচি দিলোঁ
জীৱনৰ উকা আঁচল খনত। 
বগা কলিজাৰ ক'লা নৈ এখন বৈ গ'ল। 
ওপজিল ৰং ভাল পোৱা জীউ এটা। 
এখন আকাশ আঁকো বুলি 
নীলা অলপ ধাৰে ল'লোঁ;
নীলা-সেউজীয়া মানুহ এজনৰ পৰা। 
ধাৰে ল'লোঁ অলপ সেউজীয়া 
এখন পাহাৰ, এডৰা বননি আৰু এজাৰ কেইজোপামান আঁকো বুলি। 
কিন্তু.. 
ক'ত পাম এজাৰৰ ৰং? 

নীলা-সেউজীয়াবোৰ ধাৰে লৈছিলোঁ
এটা নিৰ্দিষ্ট সময়ৰ বাবে। 
ঘূৰাই দিয়াৰ ইচ্ছা নাছিল। 
কিন্তু... 
লৈ গ'ল। 
দলিলৰ লিখিত দিনতকৈ বেছি দিনতো ৰাখিব নোৱাৰি! 
আকাশখন ক'লা হ'ল, 
পাহাৰখন বগা হ'ল, 
বননি ডৰা ক'লা-বগাৰ দোমোজাত ওলমি ৰ'ল। 
এজাৰ জোপা নুফুলিলেই ৰঙৰ অভাৱত। 

অৱশেষত 
বগাবোৰো ক'লা হ'ল। 
নৈখনৰ বগা কলিজাটো ক'লা হ'ল। 
দোমোজাৰ বননি ডৰাও ক'লাই হ'ল। 

বাকী থকা বগাবোৰো মিলি গ'ল 
বননি ডৰাৰ ক'লাৰ সৈতে। 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)