বৈ যোৱা নৈৰ
সেইখন চিনাকি ঘাটত,
নিতৌ সন্ধিয়া,
নাইবা দুপৰীয়া
তোমাক লগ পাইছিলোঁ।
কথাও পাতিছিলোঁ;
এপৰ দুপৰ কাহানিবা বহুপৰ।
দহিকতৰা হালৰ অস্থিৰ চটফটনিত ,
তুমি হাঁহিছিলা,
হয়তো ইৰ্ষাত;
অস্তমিত সুৰুযৰ হালধীয়া কিৰণত
আমাৰ ছায়াবোৰ কপিছিল ।
শালীনতা শিথিলতাৰ ভয়ত,
নতুবা তোমাৰ স্পৰ্শত।
নৈৰ অস্থিৰ ঢৌবোৰৰ প্ৰতিবাদত
তুমি নিৰ্লিপ্ত,
হ'লা বাকৰুদ্ধ।
এন্ধাৰত তোমাৰ অৱস্থিতিৰ শূন্যতাই
ভাঙে মোৰ সেউজীয়া সপোনবোৰ ,
তুমি নিৰৱ,
মই নিস্তব্ধ।
মই আজিও যাওঁ সেইখন ঘাটতে
সেই একে সময়তে,
একেখন ঠাইতে ।
মনে প্ৰাণে বিছাৰো
অস্তিত্ব তোমাৰ ।
ঘাটৰুৱাৰ কোলাহলত
মাজে মাজে দেখা পাওঁ
ধুসৰিত ,
মূখনি তোমাৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ