মোৰ জ্ঞান গৰিমাধাৰী ,
তুমি ওপজা দেশত
মই ভিক্ষাৰী ।
ক'ত অন্ধকাৰৰ তুমি বিনাশী
তোমাৰ আলোকেৰে
জীৱন আলোকিত হয়
ক'ত পুলি পুষ্প ধাৰীৰ ।
মৰু প্ৰান্তৰৰ বহল বুকুত
অজ্ঞানতাৰ ৰণ হয়,
যদি হোৱা তাত
তুমি সহাঁৰি
তেন্তে সেই মৰু প্ৰান্তৰো হয়
জীপাল আৰু ভাতৃত্ববোধৰ থলি।
হে গুৰু
মোৰ প্ৰাণৰ চিনাকী ,
আইৰ উদং পথাৰত
কিনো বীজ সিঁচা ,
যি বীজৰ অংকুৰণে হয়
সমাজৰ শৌৰ্য্য সাক্ষী।
ক'ত মাতৃৰ সহস্ৰ স্বপ্ন,
উজাগৰে কটায় কত ৰজনী।
কি শলিতাৰ প্ৰদীপ জ্বলাই ?
আকাশ চুমি চোৱা
আৰু
সাগৰ সাতোঁৰা
তুমিয়েইচোন হেঙাৰ খোলা ।
একলব্যৰ চানেকী মোৰো বৰ চিনাকী,
কি শব্দ, কি পুষ্পৰে তোমাক
পুজিম?
মই যে ধৰুৱা তোমাৰ চৰণত
চিৰ ঋণী ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ