যশস্বী চিত্ৰশিল্পী: নীলপৱন বৰুৱা'লৈ শ্ৰদ্ধাঞ্জলি- চিন্ময় ডেকা

©Admin
0
ৰাজ্যবাসীৰ এগৰাকী একনিষ্ঠ কলাৰ সাধক বৰেণ্য ব্যক্তিত্বৰ অধিকাৰী তথা চিত্ৰশিল্পী নীলপৱন বৰুৱা। তেখেতৰ জন্ম হৈছিল  ০১,জুন ১৯৩৬ চনত যোৰহাট জিলাৰ টীয়কত। পিতৃ 'ধ্বনি কবি' ৰূপে খ্যাত বিনন্দ চন্দ্ৰ বৰুৱা আৰু মাতৃ লাৱণ্যপ্ৰভা বৰুৱাৰ সুযোগ্য সন্তান আছিল নীলপৱন বৰুৱা। অসমৰ এইজনা খ্যাতনামা চিত্ৰশিল্পী গৰাকীক অসম চৰকাৰৰ তৰফৰ পৰা ২০২১বৰ্ষত "অসম সৌৰভ" বঁটাৰে সন্মানিত কৰিছিল। তেখেতৰ অংকিত চিত্ৰ 'বিৰলা একাডমি অফ্‌ আৰ্ট এণ্ড কালচাৰ, কলিকতা, লক্ষ্ণৌ ললিত কলা একাডেমি, ভুৱনেশ্বৰ আদি ঠাইত প্ৰদৰ্শিত হৈ অধিক জনপ্ৰিয়তাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। লগতে তেওঁৰ দ্বাৰা অংকিত ছবিয়ে 'ললিত কলা একাডেমি, দিল্লী'-ত অসমক প্ৰতিনিধিত্ব কৰি ৰাজ্যবাসীক গৌৰাৱান্বিত কৰিছিল। অসমৰ খ্যাতনামা কণ্ঠশিল্পী প্ৰয়াত দীপালী বৰঠাকুৰ নীলপৱন বৰুৱাৰ সহধৰ্মিনী আছিল। তেখেতে গীতৰ জৰিয়তে জনতাৰ হৃদয়ত থিতাপি লৈ অমৰত্ব হৈ এতিয়াওঁ প্ৰচলিত সমাজত বৰ্তি আছে। যাক নুই কৰিব নোৱাৰোঁ। উল্লেখ্য যে, নীলপৱন বৰুৱাই ১৯৭৬ চনত দীপালী বৰঠাকুৰৰ লগত বিবাহ-পাশত আৱদ্ধ হৈছিল। তেখেত দুজনাৰ প্ৰেম কাহিনীয়ে আজিৰ নৱপ্ৰজন্মৰ প্ৰতিজন ব্যক্তিক যথেষ্ট অনুপ্ৰাণিত কৰে। মই বঢ়াই নক'লেও হ'ব, সকলোৱে পৰ্য্যায়মানে জ্ঞাত। আজি যশস্বী চিত্ৰশিল্পী গৰাকী ২০২২বৰ্ষৰ ২৮,অক্টোবৰত বিয়লি ৩,বাজি ১৫-মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাল চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয় অসমৰ বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা। অৱশ্যে শিল্পীগৰাকী ৮৬,বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতে নিৰলস সাধনাৰে বিগত কেইবা দশক ধৰি ৰাজ্যবাসীৰ চিত্ৰশিল্পৰ জগতখনকেই নহয়, সামগ্ৰিকভাৱে কলাৰ ক্ষেত্ৰখনটো যথেষ্ট অৱদান আগবঢ়াই অসমীয়া জাতিৰ ভেঁটি সমৃদ্ধ কৰি আহিছিল। শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। তেখেতৰ বিয়োগৰ বাতৰিয়ে সাম্প্রতিক সময়ত শোকস্তব্ধ কৰি তুলিছে। উল্লেখনীয় ভাৱে নৱপ্ৰজন্মৰ সমাজ, ৰাজ্য তথা দেশ খনৰ বাবে এক অপূৰণীয় ক্ষতি। অৱশ্যে অসমৰ ৰাইজক তেওঁ যি দি গ'ল সেয়া সদায় অতুলনীয় হৈ চিৰস্থায়ী হিচাপে ইতিহাসৰ পাতত সোনোৱালী আখৰেৰে লিপিৱদ্ধ থাকিব। 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)