সপোনৰ বৰষুণ- দীপালি বৰ্মন

©Admin
0
অনুৰাধা শৰ্মা পূজাৰীৰ গল্পটো পঢ়ি উঠি আকৌ এবাৰ তাইৰ মনটোলৈ নামি আহিল এজাক বৰষুণৰ শিহৰণ।তাই পাহৰিব নোৱাৰে সেইজাক বৰষুণৰ কথা।সেই বৰষুণজাকৰ সতে গঢ়ি উঠিছিল তাইৰ হৃদয়ত এটি নাহৰৰ কলি যেন সপোনৰ ফুল।
তাইৰ মনত পৰিল তাই তেতিয়া কলেজত পঢ়ি আছিল আৰু এদিন বাছত উঠি ঘৰমুৱা হওঁতে নামিছিল এজাক বৰষুণ।তাইৰ অস্বস্তি লাগিছিল তিতা শাৰীখনেৰে খোজ দিবলৈ।তাই ইফাল সিফাল চাই অলপ বিবুদ্ধিত পৰিল।এনেতে এখন ৰিক্সা আহি তাইৰ ওচৰত ৰ'লহি।
   বেয়া নোপোৱা যদি আহা,
ৰিক্সাৰ আৰোহী গৰাকীয়ে তাইলৈ চাই সুধিলে।
এগৰাকী যুৱক,তাই চিনি পায়। লাহেকৈ তাই উঠি বহি দিলে।উপায় নাই,বৰষুণজাক বেছিকৈ নামিছে।তাই অলপ দূৰত্ব বজাই বহিলে যদিও খলা- বমা ৰাস্তাই মাজে সময়ে হেন্দোলনি নোতোলাকৈ নাথাকিল তাইৰ দেহত।

 'কলেজৰ পৰা আহিলা নেকি'-নীলিমে মৌনতা ভাঙি তাইলৈ চাই সুধিলে।
'হয়,আৰু আপুনি?'
'ময়ো আহিছিলোঁ সন্দিকৈ কলেজলৈ,ভন্টিক আজি হোষ্টেলত থৈ আহিলোঁ।'
   নীলিম তাইৰ ঘৰৰ কিছু দূৰৈত থাকে,কেতিয়াবা বাটত দেখা দেখি হয় দুয়োৰে।নীলিমৰ পৰিয়ালটো তালৈ অহা প্ৰায় এবছৰ হৈছে।বিশেষ চিনাকি নাই সিহঁতৰ মাজত।আজি তাই গম পালে নীলিম এখন ফাৰ্মত অলপতে কামত সোমাইছে।
    সাধাৰণ দুই এটা কথা পাতি তাই ঘৰৰ ওচৰ পাই নামিব খোজাত হঠাৎ নীলিমে কৈ উঠিল,এনেকৈ যদি সদায় বাটত এজাক বৰষুণ আহিলহেঁতেন!
তাই ভাড়া উলিয়াব খুজি ৰৈ গ'ল তাৰ কথাত।তাই হাঁহি মাৰি ক'লে,হয়।মোৰো ভাল লাগিল সেইজাক বৰষুণ।চিৰদিন মনত সাঁচ বহুৱাই যাব মোৰ।
  ভাড়া নালাগে,যোৱা।কেতিয়াবা মোক একাপ গৰম চাহ খুৱাই দিবা।
 ৰিক্সা ব'লা-নীলিমে ৰিক্সাৱালাক নিৰ্দেশ দিলে।
তাইৰ হৃদয়ত এজাক মৃদু সমীৰণৰ ঢৌ তুলি নীলিম আগুৱাই গৈ থাকিল।
       তাৰ পিছৰখিনি সংগীতৰ লহৰ।নীলিমে ৰৈ থাকে বাটত।বৰষুণ নাহিলেও সি অপেক্ষা কৰে তাইৰ।তাইও ভয় নকৰা হ'ল তাৰ স'তে খোজত খোজ মিলাবলৈ।তাইৰ ঘৰৰ ওচৰ পালেই তাৰ গাড়ীৰ গতি কমি যায়।সি অলপ ৰৈ থাকে।তাইও জানে কথাটো।তাই কাম কৰাৰ চলেৰে খিৰিকীমুখত ৰৈ থাকে আৰু সুযোগ পালেই বাহিৰ ওলায়।সি হাঁহি মাৰি আঁতৰি যায়।এদিন তাইৰ দেউতাকৰ চকুত পৰিল।যৌৱনৰ উন্মত্ত বানত জীয়েকৰ সমাধি তেওঁ নিবিচাৰে।নীলিমক তেখেতে সকিয়াই দিয়াৰ প্ৰয়োজন নাহিল।নীলিম নিজেই আঁতৰি গ'ল এদিন তাইৰ হাতত এখন চিঠি দি।
মোক ক্ষমা কৰিবা।কাৰোবাক আঘাত দি মই সুখী হব নিবিচাৰোঁ।--তাইৰ চকুত চকু থৈ সি তাইক শেষবাৰৰ বাবে হাতত স্পৰ্শ কৰিছিল।
        বহুদিন পাৰ হ'ল।তাইৰ দেউতাকৰ মৃত্যু হ'ল।তাইৰ বিয়া হ'ল।তাই স্বামীৰ সতে দুটি সন্তান লৈ সুখী।তাইৰ সংসাৰত হয়তো অভাৱ নাই একোৱেই।তথাপিও তাইৰ মাজে সময়ে মনটো কিবা এটা নোপোৱাৰ বেদনাত যেন ছাটি ফুটি কৰে।তাই যেন বৰকৈ অনুভৱ কৰে সেই ভাল লগা বৰষুণ জাক, যি জাক বৰষুণ তাইৰ জীৱনলৈ আৰু কাহানিও নাহে!প্ৰথম প্ৰেমৰ মিঠা স্মৃতিৰ এজাক গোপনীয় বৰষুণ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)