আহ্বান- আলতাব হুছেইন

©Admin
0
সাজু হোৱা দেশপ্ৰেমিকসকল
সুস্থ এখন দেশ গঢ়িবলৈ
সাজু হোৱা দেশৰ যুঁজাৰুসকল
শত্ৰু পক্ষৰ সৈতে যুঁজিবলৈ।

সাজু হোৱা দেশপ্ৰেমিকসকল
একতাৰ এনাজৰীৰে 
বান্ধ খাই যোৱা
স্বদেশক ৰক্ষা কৰিবলৈ
যুদ্ধ কৰি যোৱা ।

সাজু হোৱা দেশপ্ৰেমিকসকল
তাহানিৰ যুঁজাৰুসকলক স্মৰণ কৰা
স্বদেশক ৰক্ষা কৰিবলৈ
অটল যুদ্ধ কৰি যোৱা।

সাজু হোৱা দেশৰ মানুহসকল
দৃঢ় সচেতন হোৱা,
উগ্ৰ সাম্প্ৰদায়িকতাৰ পৰা
দেশখনক বিৰত ৰাখা।

উগ্ৰ‌‌ সাম্প্ৰদায়িকতাই
কঁপাইছে গণতন্ত্ৰ
দেশত আজি চলিছে
শোষণতন্ত্ৰ।

সাজু হোৱা দেশৰ মানুহসকল
দৃঢ় সচেতন হোৱা,
দেশপ্ৰেমিকৰ ৰূপত ওলাই অহা
দেশখনক শত্ৰুমুক্ত কৰা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)